বিবাহ বাৰ্ষিকীত স্বামীৰ আজৱ উপহাৰ,পত্নীৰ বাবে চন্দ্ৰত কিনিলে মাটি

0 338

ৰাজস্থানৰ এগৰাকী ব্যক্তিক কেন্দ্ৰ কৰি সম্প্ৰতি সৰ্বত্ৰে চলিছে বহুল চৰ্চা।কিয়নো ব্যক্তিগৰাকীয়ে বিবাহবাৰ্ষিকীত পত্নীক দিলে চমক।চন্দ্ৰত মাটি কিনি পত্নীক উপহাৰ দিলে বিবাহ বাৰ্ষিকীৰ।

এই ঘটনা ৰাজস্থানৰ আজমেৰৰ।আজমেৰৰ বাসিন্দা ধৰ্মেন্দ্ৰ আনিজা নামৰ ব্যক্তিগৰাকীয়ে পত্নীক বিবাহ বাৰ্ষিকীত চন্দ্ৰত এডোখৰ মাটি কিনি দিলে উপহাৰ দিয়ে। তেওঁ জনায় যে বিবাহ বাৰ্ষিকী উপলক্ষ্যে পত্নীক ব্যতিক্ৰমী উপহাৰ দিয়াৰ কথা তেওঁ বহুদিনৰ পৰাই চিন্তা কৰি আছিল। এয়া তেওঁলোকৰ অষ্টম বিবাহ বাৰ্ষিকী। তেতিয়াই তেওঁ পৰিকল্পনা কৰিলে যে পত্নীক চন্দ্ৰত মাটি কিনি উপহাৰ দিব।লুণা ছ’চাইটী ইণ্টাৰনেচনেলৰ মাধ্যমেৰে তেওঁ তিনি একৰ মাটি কিনিছে চন্দ্ৰত। ধৰ্মেন্দ্ৰই জনায়, ২৪ ডিচেম্বৰত তেওঁলোকৰ বিবাহ বাৰ্ষিকী আছিল। তেওঁ কিছু ব্যতিক্ৰম কৰিব বিচাৰিছিল। কাৰণ সকলোৱে পত্নীক গহণা, গাড়ী আদি উপহাৰ দিয়ে।

তেওঁ জনাইছে, ‘মোৰ ধাৰণা ময়েই চন্দ্ৰত মাটি কিনা ৰাজস্থানৰ প্ৰথমজন মানুহ।আনহাতে ধৰ্মেন্দ্ৰৰ পত্নী স্বপ্নাই জনাইছে যে তেওঁ স্বামীৰ পৰা এই বিশেষ উপহাৰ পাই অত্যন্ত সুখী। পৃথিৱীৰ বাহিৰতো যে এনেদৰে মাটি কিনিব পাৰি সেয়া তেওঁ কেতিয়াও ভবাই নাছিল।

media school
Leave A Reply

Your email address will not be published.