হৃদয় বিদাৰক,দশকজোৰা স্ব-বন্দীত্বৰ পাছত মুকলি আকাশৰ তলত ভগ্নীসহ দুই সহোদৰ
অৱশেষত অৱসান ঘটিল তিনি ভাতৃ–ভগ্নীৰ এক দীঘলীয়া বন্দীত্বৰ। ১০ বছৰ পূর্বে মাতৃৰ বিয়োগৰ পিছত দুই ভাতৃ আৰু এগৰাকী ভনীয়ে নিজকে কোঠাৰ ভিতৰত আবদ্ধ কৰি ৰাখে৷
দশক ধৰি কোঠাত আবদ্ধ হৈ থকা দুই ভাতৃ–এগৰাকী ভগ্নীক পিতৃৰ সহায়ত মংগলবাৰে ৰাজকোটৰ কিষাণপাৰা অঞ্চলৰ পৰা সাথী সেনা গ্রুপ নামৰ বেচৰকাৰী সংস্থা এটাই উদ্ধাৰ কৰে৷
তথ্য মতে বেচৰকাৰী সংস্থাটোৰ কর্মীয়ে বন্ধ কোঠাটোৰ দুৱাৰ ভাঙি দুই ভাতৃ–ভগ্নীগৰাকীক উদ্ধাৰ কৰে৷ উদ্ধাৰ কৰা এজনৰ বয়স ৪২ বছৰ, তেওঁ এগৰাকী অধিবক্তা আছিল৷ আনজনৰ বয়স ৪০ বছৰ, অর্থনীতিত স্নাতক ডিগ্রীধাৰী আৰু ভগ্ণীগৰাকী ৩৯ বছৰীয়া, মনস্তত্ত্ব বিজ্ঞানত স্নাতকোত্তৰ ডিগ্রীধাৰী৷