অঘটন, কৰ’না পৰীক্ষাৰ বাবে লাইনত থিয় হৈ থাকোতেই ১৫জনৰ মৃত্যু

0 234

বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী কৰ’নাৰ প্ৰথমটো ঢৌ মাৰ নৌযাওতেই পুনৰ নতুন ৰূপত মূৰ দাঙি উঠিছে ক’ৰোনাই।যাৰ বাবে ৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তত উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে।কিন্তু তাৰ মাজতে দক্ষিণ আফ্ৰিকাৰ জিম্বাবুৱেতো ক’ৰনাক কেন্দ্ৰ কৰি সংঘটিত হয় এই অঘটন।
আন্তৰ্জাতিক সংবাদমাধ্যমৰ বাতৰি অনুসৰি, যোৱা কেইদিনমানৰ ভিতৰত জিম্বাৱেত ক’ৰনা পৰীক্ষাৰ বাবে অপেক্ষাৰত কমেও ১৫জন লোকৰ মৃত্যু ঘটিছে।

খ্ৰীষ্টমাছৰ ছুটীত দক্ষিম আফ্ৰিকাত প্ৰৱেশৰ বাবে আগ্ৰহীসকলৰ কৰ’না পৰীক্ষা বাধ্যতামূলক কৰা হৈছে। কিন্তু বিশাল সংখ্যক লোকৰ নমুনা পৰীক্ষাৰ বাবে প্ৰয়োজন হয় বহুত সময়ৰ।
সেয়েহে, সীমান্ত অঞ্চলত মানুহৰ ভিৰ বৃদ্ধি পাইছে। কেইবা কিলোমিটাৰ জুৰি দেখা গৈছে ট্ৰাক তথা গাড়ীৰ লাইন। এনে পৰিস্থিতিত সীমান্ত অঞ্চলত বহু লোক অসুস্থ হৈ পৰিছে। তদুপৰি, সীমান্তত চিকিৎসা ব্যৱস্থাৰো অভাৱ।উল্লেখ্য যে বিশ্বত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা ৮কোটিলৈ বৃদ্ধি পাইছে। সেইদৰে মুঠ মৃত্যুৰ সংখ্যা ১৭লাখ ৫৬হাজাৰ অতিক্ৰম কৰিছে।

media school
Leave A Reply

Your email address will not be published.