নৱবৰ্ষৰ আৰম্ভণিতে মমতাৰ দুৰ্গত প্ৰচণ্ড প্ৰহাৰ, ১৫প্ৰাক্তন কাউন্সিলৰৰ বিজেপিত যোগদান

0 199

নৱবৰ্ষৰ প্ৰথম দিনটোতে তৃণমূল কংগ্ৰেছত খহনীয়া পৰিলক্ষিত হৈছে।২২বছৰ পূৰ্বে গঠন হোৱা তৃণমূল কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোতে অচিৰেই টি এম চিৰ প্ৰায় পাঁচ সহস্ৰাধিক কৰ্মীয়ে বিজেপি দলত যোগদান কৰে।

ইয়াৰ ভিতৰত প্ৰাক্তন পৰিবহণ মন্ত্ৰী শুভেন্দু অধিকাৰীৰ ভাতৃ সৌমৃন্দু অধিকাৰীও আছে।উল্লেখ্য যে, কেইদিনমান পূৰ্বে মমতা বেনাৰ্জীৰ চৰকাৰে কাঁথি পৌৰ নিগমৰ পাৰিষদ পদৰ পৰা অপসাৰণ কৰিছিল।

যোৱা ১৬ডিচেম্বৰত শুভেন্দুৱে তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল।

media school
Leave A Reply

Your email address will not be published.