অঘটন,বহা ঠাইৰ বাবে শিক্ষকৰ সন্মুখতে সহপাঠীক গুলীয়াই হত্যা ছাত্ৰৰ

0 248

উত্তৰ প্ৰদেশৰ বুলন্দচহৰ জিলাৰ এখন বিদ্যালয়ত সংঘটিত হৈছে এক দুৰ্ভাগ্যজনক আৰু হৃদয়বিদাৰক ঘটনা সংঘটিত হয়। উত্তৰ প্ৰদেশৰ বুলন্দচহৰ জনপদত আজি এজন দশম শ্ৰেণীৰ ছাত্ৰই নিজৰে এজন সহপাঠীলৈ ক্লাছৰুমৰ ভিতৰতে গুলীচালনা কৰে। শিক্ষকে পঢ়ুৱাই থকাৰ সময়তে ছাত্ৰজন সহপাঠীজনলৈ গুলীচালনা কৰে। দুবাৰকৈ গুলীচালনা কৰাৰ পিছতে হুলস্থূল লাগে শ্ৰেণীকোঠাত। অভিযুক্ত ছাত্ৰজনে মাৰণাস্ত্ৰসহ পলায়নৰ চেষ্টা কৰে যদিও স্কুলৰ অধ্যাপকে কৰায়ত্ত কৰে আৰক্ষী আৰক্ষীক চমজাই দিয়ে ।

বুলন্দচহৰৰ এছএছপি সন্তোষ কুমাৰ সিঙে কয় যে ১৪ বছকীয়া অভিযুক্ত ছাত্ৰজনে ইণ্টাৰ কলেজ, শিকাৰপুৰত দশম শ্ৰেণীত পঢ়ে। বুধবাৰে অভিযুক্ত ছাত্ৰজনৰ বহা ঠাইক লৈ কাজিয়া হৈছিল সহপাঠীৰ সৈতে। দুয়োগৰাকী ছাত্ৰৰ মাজত হৈছিল প্ৰচণ্ড মাৰপিট।আজি অভিযুক্ত ছাত্ৰজনে সেনা বাহিনীত কাম কৰি খুৰাকৰ লাইচেঞ্চ থকা পিষ্টল আনি স্কুলত উপস্থিত হয়। স্কুল বেগত ভৰাই আনিছিল পিষ্টলটো। আৰু শিক্ষকে পঢ়ুৱাই থকাৰ সময়তে গুলীচালনা কৰে ছাত্ৰজনে। আহত ছাত্ৰজনক হাস্পতাললৈ নিয়াৰ পথতে মৃত্যু হয়।

media school
Leave A Reply

Your email address will not be published.