ইন্টেলিজেন্স ব্যুৰোৱে সম্প্ৰসাৰণ কৰিব নেটৱৰ্ক লোকেশ্বন

0 222

সমগ্ৰ দেশতেই তথ্য সংগ্ৰহৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ ইন্টেলিজেন্স ব্যুৰো (Intelligence Bureau)এ বৃদ্ধি কৰিব ইয়াৰ গ্ৰাউণ্ড লোকেশ্বন। কাশ্মীৰ, উত্তৰ-পূব ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে আন আন সন্ত্ৰাস জৰ্জৰিত অঞ্চলসমূহৰ পৰা পূৰ্বতকৈও অধিক তথ্য আহৰণ কৰাৰ উদ্দেশ্যৰে বৃদ্ধি কৰিব নেটৱৰ্ক লোকেশ্বন।  

ভাৰতৰ ইন্টাৰনেল ইন্টেলিজেন্স এজেন্সীয়ে মাল্টি এজেন্সি চেন্টাৰৰ জৰিয়তে ৮২৫ টা অৱস্থানলৈ সম্প্ৰসাৰণ কৰিব নেটৱৰ্ক লোকেশ্বন। সন্ত্ৰাসবাদৰ লগত জড়িত বিভিন্ন তথ্য সংগ্ৰহৰ লগতে এই ক্ষেত্ৰত সকলো প্ৰকাৰৰ সহায়ৰ হেতু স্থাপন কৰা হৈছে এই মাল্টি এজেন্সি চেন্টাৰ।  ১৯৯৯চনৰ কাৰ্গিল যুদ্ধৰ পাছত ২০০১চনত ৩৭৪ টা অঞ্চললৈ বৃদ্ধি কৰা হৈছিল ইন্টেলিজেন্স ব্যুৰোৰ নেটৱৰ্ক লোকেশ্বন। 

ইতিমধ্যে গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে এই প্ৰস্তাৱৰ সম্পূৰ্ণ তথ্য। বিভিন্ন ৰাজ্যৰ প্ৰশাসনিক বিষয়াসকলৰ সৈতে আলোচনা কৰি এই সিদ্ধান্ত গ্ৰহণৰ কথা জনাইছে গৃহ মন্ত্ৰণালয়ে।

media school
Leave A Reply

Your email address will not be published.