কোভিশিল্ড আৰু কোভাক্সিন ভেকচিনৰ প্ৰয়োগত অমুমোদন DCGI ৰ

0 130

ভাৰতৰ ঔষধ নিয়ন্ত্ৰকে আজি কোভিশিল্ড আৰু কোভাক্সিন ভেকচিনৰ প্ৰয়োগত অমুমোদন জনাইছে।ইয়াৰ লগে লগে দেশত কোভিডৰ ভেকচিন সাধাৰণ মানুহৰ বাবে সহজলভ্য হৈ পৰাৰ বাট প্ৰশস্ত হৈ পৰিল।

DCGI-এ কোভিডৰ দুটাকৈ ভেকচিনত অনুমোদন জনোৱাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট যোগে DCGI ক শুভেচ্ছা জ্ঞাপন কৰাৰ  লগতে এটা কোভিডৰ বিৰুদ্ধে চলাই থকা যুঁজ খনৰ গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মন্তব্য কৰে।

মোডীয়ে কয় যে এই অনুমোদনে কোভিডৰ দুটাকৈ ভেকচিনৰ জৰুৰীকালিন ব্যৱহাৰৰ বাট মুকলি কৰিলে।

চেন্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কন্ত্ৰল অৰ্গেনাইজেশ্যনে জৰুৰী ব্যৱহাৰৰ বাবে ভাৰত বায়’টেকৰ কোভাক্সিনক সেউজ সংকেত দিছে আৰু ডিজিচিআইয়ে আজি এই ক্ষেত্ৰত  অনুমোদন দিয়ে।আইচিএমআৰ আৰু হায়দৰাবাদৰ ভাৰত বায়’টেকৰ যৌথ উদ্যোগত প্ৰস্তুত কৰা হৈছে এই ভেকচিন।

Leave A Reply

Your email address will not be published.