ক’ত হেৰাল জেক মা,ৰহস্যৰ আৱৰ্তত ধনকুবেৰগৰাকী

0 1,246

সন্ধানহীন হৈ পৰিছে জনপ্ৰিয় অনলাইন শ্বপিং প্লেটফৰ্ম আলিবাবা কোম্পানীৰ প্ৰতিষ্ঠাতা তথা বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি জেক মা।


যোৱা অক্টোবৰ মাহত চীনৰ আৰ্থিক সংস্কাৰ নিয়ামক সংস্থাৰ সমালোচনা কৰিছিল ধনকুবেৰ গৰাকীয়ে।ইয়াৰ পাছতে বিগত কেইবা সপ্তাহ ধৰি সন্ধানহীন হৈ আছে জেক মা।আনকি তেওঁ উদ্ভাৱন কৰা নিজৰ টেলেন্ট শ্ব’তো তেওঁক উপস্থিত থকা দেখা নগ’ল।যাৰ বাবে এতিয়া সমগ্ৰ বিষয়টোৱে ৰহস্যৰ আৱৰ্তত সোমায় পৰিছ।এসময়ত চীনৰ আটাইতকৈ সফল উদ্যোগপতি গৰাকী ৰাজনীতিবিদসকলৰো প্ৰিয় আছিল। কিন্তু বিগত কিছু সময়ৰ পৰা চীন চৰকাৰৰ শেনচকু পৰিছিল জেক মাৰ ওপৰত।

কিয়নো দেশখনৰ কেন্দ্ৰীয় বেংকৰ নীতিক সমালোচনা কৰাৰ পাছৰে পৰাই আক্ৰমণৰ লক্ষ্য হৈ পৰিছে আলিবাবা আৰু জেক মা’ৰ আন এটি প্ৰতিষ্ঠান অ্যান্ট গ্ৰুপ।ইয়াৰ মাজতে অ্যান্ট গ্ৰুপৰ ৩৭ বিলিয়ন ডলাৰৰ আইপিঅ’ও চাংহাই ষ্টক এক্সচেঞ্জে স্থগিত কৰে। ইয়াৰ পাছৰে পৰা একপ্ৰকাৰ সন্ধানহীন হৈ পৰিছে জেক মা।

media school
Leave A Reply

Your email address will not be published.