বিদ্যালয় আৰম্ভ,শংকৰদেৱ শিশু নিকেতন,উত্তৰ গুৱাহাটী হৈ ৰ’ল অনন্য
কৰ’ণা মহামাৰীৰ সন্ত্ৰাসৰ বাবে বিগত আঠ মাহ ধৰি বন্ধ হৈ থকা স্কুলসমূহ চৰকাৰে খোলাৰ নিৰ্দেশনা দিয়াৰ পিছত কালি শংকৰদেৱ শিশু নিকেতন, উত্তৰ গুৱাহাটীৰ পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীৰ তত্বাৱধানত নিকেতনখন সম্পূৰ্ণ পৰিষ্কাৰ, পৰিচ্ছন্নতাৰে চেনিটাইজ কৰা হয়। কিছুদিন আগৰ পৰা ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ পাঠদান প্ৰক্ৰিয়া চলি আছে যদিও সোমবাৰে নতুন বছৰৰ আৰম্ভণিতে চতুৰ্থ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে নিকেতনত পাঠদানৰ প্ৰথম দিন ।
আৰম্ভণি দিনটোত ছাত্ৰ-ছাত্ৰীসকলৰ মনত ন উদ্যম, ন-সাহস আৰু নতুন আশাৰ সঞ্চাৰ কৰাৰ উদ্দেশ্যে শংকৰদেৱ শিশু নিকেতন, উত্তৰ গুৱাহাটীয়ে এক ব্যতিক্ৰমী প্ৰয়াসেৰে ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনোৱাৰ এক বিৰল মুহূৰ্তৰ সকলোৱে সাক্ষী হৈ ৰ’ল । নিকেতনৰ পদূলি মুখৰ পৰা ভিতৰলৈ সোমোৱা বাটত আচাৰ্য-আচাৰ্যাসকলে ছাত্র-ছাত্রীসকলক চেনিটাইজাৰ , শৰীৰ উত্তাপ জুখি বিভিন্ন পুষ্পাঞ্জলীৰে আদৰণি জনোৱা দৃশ্যই যেন শংকৰদেৱ শিশু নিকেতন, উত্তৰ গুৱাহাটীক পুনৰ ন- ৰূপত জীপাল কৰি তুলিলে।
লগতে বৌদ্ধিক গৃহত প্ৰতিজন ছাত্ৰ-ছাত্ৰীক চৰকাৰী নীতি নিৰ্দেশনাৰে একোখনকৈ মাস্ক বিতৰণ কৰি নিকেতনৰ প্ৰধান আচাৰ্য উৎপল তালুকদাৰ তথা পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামী আদৰণিমূলক ভাষ্যৰে ছাত্র-ছাত্ৰীসকলক নতুন প্ৰেৰণা দি আগুৱাই যোৱাৰ সাহস দিয়ে । লগতে নৱবৰ্ষৰ প্ৰাক্ ক্ষণতে ছাত্র-ছাত্ৰীসকলক জীৱনৰ প্ৰতিটো খোজ ফুলৰ দলিচাৰে পাৰ হৈ লক্ষ্যত উপনীত হ’বলৈ আশীৰ্বাদ দিয়ে।
মুকুটেশ্বৰ গোস্বামী ৰিপৰ্ট উত্তৰ গুৱাহাটী