গোসাইগাঁৱত বিশ্ব ব্ৰেইল্লী দিৱস উৎযাপন —

0 431

সমগ্র বিশ্বৰ লগত সংগতি ৰাখি গোসাইগাওঁ মহকুমাৰ অন্তৰ্গত বিন্যাখাতা মধ্য ইংৰাজী বিদ্যালয়ত সমগ্ৰ শিক্ষা-কোকৰাঝাৰ ,কচুগাও ব্লকৰ উদ্যোগত বিশ্ব ব্ৰেইল্লী দিৱস উৎযাপন কৰা হয়।২ জানুৱাৰীৰ পৰা ৪ জানুৱাৰীলৈ মুঠ তিনিদিনীয়া কাৰ্য্যসুচীৰে উৎযাপন কৰা হয় এই ব্ৰেইলী দিৱস।

সোমবাৰে পতাকা উত্তোলন কৰি দিব্যাঙ্গ শিশু সকলৰ মাজত বিভিন্ন খেল-ধেমালি, নাচ-গান,কবিতা আবৃত্তি আদি প্ৰতিযোগিতা হয়।আজিৰ এই অনুষ্ঠানতে এখন মুকলি সভাৰ আয়োজন কৰে।

উক্ত সভা খনৰ সভাপতিত্ব কৰেএই স্কুলৰ প্ৰধান শিক্ষক ৰাজেন্দ্ৰ ব্ৰহ্ম লগতে উক্ত সভাত উপস্থিত থাকে ডি ই ই ও জয়পাল সিং ব্ৰহ্ম, বি ই ই ও কচুগাও সম্ৰাট ব্ৰহ্ম,বি ই ই ও গোসাঁইগাঁও অমৰ সিং ব্ৰহ্ম,চি আৰ চি চি বিন্যাখাতা সহেন্দ্ৰ নাথ বাসুমতাৰী,আৰ পি আই ই কচুগাও হাবীজা খাতুন আৰ পি আই ই কচুগাও ৰাহীদুল শেখ।

দিব্যাঙ্গ শিশু সকলৰ সচেতনতা ওপৰত আৰু তেওঁলোকক কেনেদৰে আগুৱাই লৈ যাব পাৰি তাৰ ওপৰত ভাষন প্ৰদান কৰে। শেষত পাৰদৰ্শী সকলক পুৰুস্কাৰ প্ৰদান কৰি অনুষ্ঠানটোৰ সামৰণি কৰা হয়।

media school
Leave A Reply

Your email address will not be published.