নতুন কৰ’না ভাইৰাছ ষ্ট্ৰেইনৰ সন্ত্ৰাস ৰোধিবলৈ পুনৰ লকডাউন ঘোষণা

0 383

নতুন কৰ’না ভাইৰাছৰ ষ্ট্ৰেইনৰ সংহাৰ ৰোধিবলৈ ইংলেণ্ডত পুনৰ লকডাউন ঘোষণা।

সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে সোমবাৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে এই সিদ্ধান্ত গ্ৰহণ কৰে।

বুধবাৰ অৰ্থাৎ ৬জানুৱাৰীৰ পৰা এই লকডাউন কাৰ্যকৰী হ’ব আৰু ফেব্ৰুৱাৰীৰ মাজভাগলৈ লকডাউন বাহাল থাকিব বুলি তেওঁ ঘোষণা কৰে।

বাৰিছ জনছনে কয়,’’কৰ’না মহামাৰী আৰম্ভ হোৱাৰ পাছৰে পৰা এইবাৰ আমাৰ চিকিৎসালয়সমূহত আটাইতকৈ অধিক চাপ পৰিছে। বিশ্বৰ বহু ৰাষ্ট্ৰই কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ দৰে আমিও এই ভাইৰাছক বশ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। সেয়েহে, এইবাৰৰ লকডাউন কঠোৰ কৰা হৈছে। চৰকাৰৰ ফালৰ পৰা সকলোকে পুনৰ ঘৰতে আৱদ্ধ থাকিবলৈ আহ্বান জনাইছো।‘’ মাৰ্চৰ পূৰ্বে স্কুল খোলাৰ কোনো সম্ভাৱনা নাই বুলিও জনছনে স্পষ্ট কৰিছে। তেওঁ কয় যে সকলো পৰিস্থিতি পৰ্যৱেক্ষণ কৰিহে স্কুল খোলাৰ বিষয়ে সিদ্ধান্ত লোৱা হ’ব।

প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কয় যে যদি কৰ’নাত মৃত্যু হ্ৰাস পায়,ভেকচিনে সঠিকভাৱে কাম কৰে, তেতিয়াহ’লে ফেব্ৰুৱাৰীৰ পাছত বিদ্যালয় খোলাৰ সম্ভাৱনা আছে ।

media school
Leave A Reply

Your email address will not be published.