‘মেক ইন ইণ্ডিয়াৰ’সফল প্ৰয়াস,সেনালৈ দেশীয় ‘bullet proof jacket’আগবঢ়ালে কেন্দ্ৰই

0 651

কেন্দ্ৰীয় চৰকাৰে মেক ইন ইণ্ডিয়াৰ অধীনত ভাৰতীয় সেনা বাহিনীলৈ এক লাখ দেশীয়ভাৱে প্ৰস্তুত কৰা ‘বুলেট প্ৰুফ’জেকেট আগবঢ়ায়।নতুন দিল্লীত অনুষ্ঠিত হোৱা এটা অনুষ্ঠানত কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী শ্ৰীপদ নায়কে সেনাৰ মুৰব্বী জেনেৰেল এম এম নৰৱানেক এই বুলেট প্ৰুফ জেকেট আগবঢ়ায়।

দেশীয়ভাৱে প্ৰস্তুত হোৱা এক লাখ বুলেট প্ৰুফ জেকেট গ্ৰহণ কৰি সেনাপ্ৰধিনগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জনায়। বুলেট প্ৰুফ জেকেটসমূহ সেনালৈ আগবঢ়াই মন্ত্ৰী নায়কে কয় যে যিহেতু ভাৰতীয় সেনা দেশৰ সুৰক্ষাৰ স্বাৰ্থত নিয়োজিত গতিকে তেওঁলোকক শক্তিশালী আৰু অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰাটো চৰকাৰৰ দ্বায়িত্ব।
উল্লেখ্য যে, এই জেকেটসমূহ দেশীয় কোম্পানী এছ এম পি পি প্ৰাইভেট লিমিটেডে প্ৰস্তুত কৰিছে।

media school
Leave A Reply

Your email address will not be published.