JEE(Advanced)পৰীক্ষাৰ দিন ঘোষণা, শিক্ষাৰ্থীলৈ কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ বিশেষ ৰেহাই

0 409

দেশৰ ২৩ খন আইআইটিত নাম ভৰ্তি কৰাৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত সম্পন্ন  কৰি অহা JEE Advanced পৰীক্ষা চলিত বৰ্ষৰ ৩ জুলাইত অনুষ্ঠিত হ’ব।বৃহস্পতিবাৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পখ্ৰিয়াল নিশাংকে এই ঘোষণা কৰে।
তাৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকললৈ উদ্দেশ্যি বিশেষ ৰেহাই ঘোষণা কৰে।
তেওঁ কয় যে পূৰ্বে JEE Advanced পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ছাত্ৰ-ছাত্ৰীসকলে দ্বাদশ শ্ৰেণীত কমেও ৭৫ শতাংশ নম্বৰ পোৱাটো বাধ্যতামূলক আছিল।কিন্তু এইবাৰ কোভিড পৰিস্থিতিৰ বাবেই JEE Advanced পৰীক্ষাত বহিবলৈ ছাত্ৰ-ছাত্ৰীয়ে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত কমেও ৭৫ শতাংশ নম্বৰ পোৱাটো বাধ্যতামূলক নহয় বুলি মন্ত্ৰী নিশাংকে জানিবলৈ দিয়ে।

চৰকাৰৰ এনে পদক্ষেপৰ ফলত এইবাৰ JEE Advanced পৰীক্ষাত দ্বাদশ শ্ৰেণীত কমেও ৭৫ শতাংশ নম্বৰ নোপোৱাসকলেও অৱতীৰ্ণ হোৱাৰ সুবিধা পাব।

তেওঁ লগতে কয় যে  JEE Main 2020 ত যিসকলে যোগত্যা অৰ্জন কৰিছিল কিন্তু কোভিড পৰিস্থিতিৰ বাবে উক্ত পৰীক্ষাৰ দ্বিতীয় পৰ্যায়ত অৱতীৰ্ণ হ’ব পৰা নাছিল তেওঁলোকেও JEE Advanced পৰীক্ষাত বহিব পাৰিব।

এতিয়াৰে পৰা JEE(Mains) পৰীক্ষা অসমীয়াকে ধৰি ১৩ টা আঞ্চলিক ভাষাত অনুষ্ঠিত কৰা হ’ব বুলি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.