‘BIRD FLU’ৱে দুৰ্যোগ মাতিছে ৰাজ্যৰ ১৫হাজাৰ ব্ৰইলাৰ পালকলৈ,বিহু বতৰত ব্যাপক লোকচানৰ আশংকা

0 334

দেশৰ ছখন ৰাজ্যত বাৰ্ড ফ্লুৰ প্ৰাদূৰ্ভাৱ ঘটাৰ পাছতে আতংকৰ সৃষ্টি হৈছে ৰাজ্যৰ ব্ৰইলাৰ পালকসকলৰ মাজত ।
কেন্দ্ৰীয় চৰকাৰে এলাৰ্ট জাৰি কৰাৰ পাছতে বাৰ্ড ফ্লুয়ে অশনি সংকেট কঢ়িয়াই আনিছে ব্ৰইলাৰ পালকলৈ ।বহিঃ ৰাজ্যৰ পৰা আমদানি কৰা ব্ৰইলাৰ নিষিদ্ধ কৰিছে চৰকাৰে ।

সংগ্ৰহ-ইণ্টাৰনেট

বিহু বতৰত ব্যাপক লোকচানৰ আশংকা কৰি ৰাজ্যজুৰি পালক সকলক সজাগ হৈ থাকিবলৈ নিৰ্দেশ ।
আফ্ৰিকান ছোৱাইন ফ্লু-লাম্পিস্কিনৰ পিছত বাৰ্ড ফ্লুৱে ক্ষতিগ্ৰস্ত কৰিব কৃষকক ।লোকডাউনৰ পাছত ৰাজ্যত আফ্ৰিকান ছোৱাইন ফিভাৰেও গাহৰি পালক সকলক যথেষ্ট ক্ষতিগ্ৰস্ত কৰে ।

দেশৰ মুঠ ছখন ৰাজ্যত বাৰ্ড ফ্লুৰ প্ৰভাৱ দেখা গৈছে ।সেই কেইখন হৈছে – কেৰালা ,ৰাজস্থান, মধ্যপ্ৰদেশ,হিমাচল প্ৰদেশ,হাৰিয়ানা আৰু গুজৰাট ।ইতিমধ্যে হাৰিয়ানাত বাৰ্ড ফ্লুৰ সংক্ৰমণ নিশ্চিত হোৱাৰ পাছত ১.৬০ লাখ কুকুৰা নিধন কৰিবলৈ সিৰ্দ্ধান্ত গ্ৰহণ কৰা হৈছে । সংগ্ৰহ-ইণ্টাৰনেট

Leave A Reply

Your email address will not be published.