১০০দিন এযোৰ কাপোৰ পিন্ধি অভিলেখ সৃষ্টি ছাৰা ৰবিন্সৰ

0 298

লোকডাউনে জুৰুলা কৰা বিশ্ববাসীৰ কিছুলোকৰ এক ব্যতিক্ৰমী চিন্তা ।
ব’ষ্টনৰ ছাৰা ৰবিন্সে এযোৰ পোছাক ৩মাহতকৈয়ো অধিক সময় অৰ্থাৎ ১০০দিন পৰ্যন্ত পিন্ধি অভিলেখ কৰিছে ।

প্ৰতিবাৰে পিন্ধিবলগীয়া পোছাকযোৰ বেলেগ ধৰণে ষ্টাইল কৰি ১০০দিন ধৰি এযোৰ পোছাক পিন্ধা ছাৰা ৰবিন্স কোলেৰ এই অভিলেখ ।

ছাৰাই ২০২০ৰ ছেপ্টেম্বৰত ১০০দিনৰ ড্ৰেছ চেলেঞ্জত অংশ লৈছিল। তাৰ পৰৱৰ্তী কালছোৱাত তেওঁ টপটো কেতিয়াবা স্কাৰ্টৰ সৈতে আৰু কেতিয়াবা পেন্টৰ সৈতে পিন্ধে।

ছাৰাই উক্ত চেলেঞ্জত ভাগ লৈছিল যাতে তেওঁ শেহতীয়া কোনো ফেশ্বন ডিজাইন অবিহনে থাকিব পাৰে আৰু কাপোৰ অধিক ধোৱাৰ ফলত পৃথিৱীৰ হ’ব পৰা ক্ষতি হ্ৰাস কৰাত সহায় কৰিব পাৰে।

১০০ দিনীয় পোছকৰ এই চেলেঞ্জৰ আৰম্ভণি কাপোৰৰ ব্ৰেণ্ড বুল এণ্ড-য়ে কৰিছিল।

কেবল এদিনত এযোৰ পোছাক পিন্ধাৰ অভ্যাস গঢ়ি তোলাই এই প্ৰতিযোগিতাৰ লক্ষ্য নাছিল বৰঞ্চ ইয়াৰ দ্বাৰা কাপোৰ প্ৰস্তুত কৰাত প্ৰয়োজনীয় শ্ৰম হ্ৰাস কৰা আৰু সেইবোৰ ধোৱাৰ পৰা বিৰতি ল’বৰ বাবেও কৰা বুলি জনায়।

যিসকলে এই প্ৰতিযোগিতাত ভাগ লৈছিল, তেওঁলোকে বিজয়ী হোৱাৰ পাছত ১০০ আমেৰিকান ডলাৰৰ ভাউচাৰ লাভ কৰে।

media school
Leave A Reply

Your email address will not be published.