গুৱাহাটীত ২৫খন গোলাপী ৰঙৰ বিনামূলীয়া বাছ সেৱা মহিলাৰ বাবে ।
সুৰক্ষাৰ বাবে অসম চৰকাৰৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ ,মহিলা আৰু জেষ্ঠ নাগৰিকৰ গুৱাহাটী চহৰত আৰম্ভ কৰিছে গোলাপী ৰঙৰ বিনামূলীয়া বাছ সেৱা ।
শনিবাৰে গুৱাহাটী চহৰৰ ভিতৰত ভ্ৰমণ কৰিবলৈ মহিলা আৰু জেষ্ঠ নাগৰিকৰ বাবে “ভ্ৰমণ সাৰথি “আঁচনিৰ অধীনত নিৰ্ধাৰিত ২৫ খন গোলাপী বাছৰ শুভউদ্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
মহিলা আৰু জেষ্ঠ নাগৰিকৰ বাবে আৰম্ভ কৰা এই বাছসমূহ পাঁচটা পথত চলাব,যাৰ ভিতৰত আছে পল্টন বজাৰ পথেৰে খানাপাৰাৰ পৰা জালুকবাৰী, চান্দমাৰী পথেৰে জালুকবাৰী ফৰেষ্ট গেট,বশিষ্ঠ মন্দিৰৰ পৰা জালুকবাৰী পথেৰে পল্টন বজাৰলৈ ,খানাপাৰা পথেৰে ISBT হৈ জালুকবাৰীলৈ আৰু গেম ভিলেজ ভেটাপাৰা পৰা জালুকবাৰী হৈ পল্টনবজাৰ ।
গুৱাহাটী ত প্ৰথমবাৰৰ বাবে আৰম্ভ বিনামূলীয়া পৰিবহন সেৱাই মহিলা আৰু জেষ্ঠ নাগৰিকসকলক যথেষ্ট সহায় কৰিব ,বুলি মুখ্যমন্ত্ৰী সোণোৱালে কয়। তেওঁ লগতে জনায় সকলো যাত্রীকে এই বাছ সমূহৰ পৰ্যাপ্ত যত্ন লবলৈ অনুৰোধ জনায় ।
মহামাৰী কালছোৱাত পৰিবহণ বিভাগৰ প্ৰতিজন সদস্যই ৰাজ্যৰ বাবে আগবঢ়োৱা সেৱাৰ বাবে পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰিয়ে প্ৰশংসা কৰে লগতে কয় যে নতুন বৰ্ষত চৰকাৰৰ এই কল্যানমূলক ব্যৱস্থাক এক নতুন মাত্ৰা প্ৰদান কৰিব।