কথাত কটা যায় ,কথাত বঁটা পায়,প্ৰধানমন্ত্ৰীক অশ্লীল মন্তব্য কৰি হেৰুৱালে চাকৰি

0 640

নিজৰ ছচিয়েল মিডিয়া একাউণ্টৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি চাকৰি হেৰুৱালে এগৰাকী পাইলটে। পাইলট জনৰ নাম মিকি মালিক।

Go Airৰ পাইলট মিকি মালিকে ছচিয়েল মিডিয়াত কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰীৰ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰিছিল।ইয়াৰ লগে লগে ভাইৰেল পৰে সেই পোষ্টটো।

ইয়াৰ পাছতে পাইলটগৰাকীয়ে ছচিয়েল মিডিয়াৰ একাউণ্টৰ পৰা ডিলিট কৰে উক্ত পোষ্টটো।কিন্তু তাৰ পাছতো বিপদে লগ নেৰিলে পাইলট গৰাকীৰ।ইতিমধ্যে মিকি মালিকক চাকৰিৰ পৰা অপসাৰণ কৰিলে Go Air কৰ্তৃপক্ষই।অৱশ্যে এই কাৰ্যৰ বাবে পাইলটগৰাকীয়ে ৰাজহুৱাভাৱে প্ৰধানমন্ত্ৰীক ক্ষমা খোজে।

media school
Leave A Reply

Your email address will not be published.