ভংগ হ’ব নেকি ব্যৱহাৰকাৰীৰ গোপনীয়তা?’প্ৰাইভেচি পলিচি’ক লৈ হোৱাটছএপৰ স্পষ্টীকৰণ!

0 548

‘প্ৰাইভেচি পলিচি’ক লৈ বিগত কিছুদিনৰ পৰা বিতৰ্কৰ মাজত সোমাই পৰিছে জনপ্ৰিয় মেছেঞ্জাৰ এপ হোৱাটছএপ।কিন্তু শেহতীয়াকৈ ব্যৱহাৰকাৰীৰ ‘প্ৰাইভেচি পলিচি’ক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে এই সন্দৰ্ভত স্পষ্টীকৰণ দিছে হোৱাটছএপ প্ৰতিষ্ঠানটোৱে।যথেষ্টসংখ্যক ব্যৱহাৰকাৰীয়ে হোৱাটছএপ এপ্লিকেচনটো এৰিবলৈ ধৰাৰ সময়তে মংগলবাৰে প্ৰতিষ্ঠানটোৱে কয় যে- নতুন ‘প্ৰাইভেচি পলিচি’য়ে ব্যৱহাৰকাৰীৰ গোপনীয়তা ভংগ নকৰে।এই সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰি হোৱাটছএপ প্ৰতিষ্ঠানটোৱে কয়-‘আমি উৰা বাতৰি সন্দৰ্ভত ব্যৱহাৰকাৰীসকলক এই কথা নিশ্চিত কৰিব বিচাৰিছো যে ব্যক্তিগত বাৰ্তাৰ গোপনীয়তা ১০০শতাংশ সুৰক্ষিত কৰি ৰখা হ’ব আৰু বাৰ্তাসমূহো পূৰ্বৰ দৰেই এণ্ড-টু-এণ্ড এনক্ৰিপচনযুক্ত হ’ব।’উল্লেখ্য যে অহা ৮ফেব্ৰুৱাৰীৰ পৰা সলনি হ’বলগীয়া হোৱাটছএপৰ নতুন নীতিক লৈ অসন্তুষ্ট হৈ পৰিছে অধিকাংশ হোৱাটছএপ ব্যৱহাৰকাৰীসকল।

media school
Leave A Reply

Your email address will not be published.