অমানৱীয়,মূকবধিৰ কিশোৰীক গণধৰ্ষণ কৰি উলিয়াই আনিলে চকু—

0 558

এগৰাকী ১৫ বছৰীয়া মূক বধিৰ কিশোৰীক গণধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ আহিছে। মংগলবাৰে এই ঘটনাটো সংঘটিত হৈছে বিহাৰৰ মধুবানী জিলাত।

বুধবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এগৰাকী ১৫ বছৰীয়া মূকবধিৰ কিশোৰীক তিনিজন লোকে গণধৰ্ষণ কৰি দুয়োটা চকুয়ে চোকা অস্ত্ৰেৰে আঘাত কৰে ।চিকিৎসকৰ মতে ইতিমধ্যে দুয়োটা চকুয়েই বিকল হৈছে ধৰ্ষিতা কিশোৰীগৰাকীৰ।স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি কিশোৰীগৰাকীয়ে গাঁৱৰ অন্যান্য শিশু-কিশোৰ-কিশোৰীৰ সৈতে খেলা ধূলা কৰি আছিল। তাৰ পৰাই কিশোৰীগৰাকী নিৰুদ্দেশ হয় আৰু পিছত এখন পথাৰত অচেতন অৱস্থাত পৰি থকা কিশোৰীগৰাকীক স্থানীয় ৰাইজে উদ্ধাৰ কৰে

media school
Leave A Reply

Your email address will not be published.