‘RS-18’- শত্ৰুৰোধী ৰাছিয়াৰ নতুন অস্ত্ৰ

0 794

আমেৰিকা আৰু ৰাছিয়াৰ মাজত পুনৰ গা কৰি উঠিছে শীতল যুদ্ধই।
তাৰ মাজতে দেশখনৰ প্ৰতিটো কামতে শেনচকু ৰখা আমেৰিকাৰ বিৰুদ্ধে এইবাৰ শক্তিশালী সমৰসজ্জা গঢ়ি তুলিছে ৰাছিয়ান চৰকাৰে।শেহতীয়াকৈ ৰাছিয়াৰ পৰমাণু বিজ্ঞানীসকলে সাজি উলিয়াইছে ‘RS-18’ নামৰ এবিধ অত্যাধুনিক মিছাইল।

৬২০০  মাইল ব্যাসাৰ্দ্ধত আঘাত হানিবলৈ সমৰ্থ এই মিছাইল বিধৰ অন্তিম পৰ্যায়ৰ পৰীক্ষণ চলি আছে আৰু এই পৰীক্ষণৰ পিছতে ‘RS-18’তুলি দিয়া হ’ব ৰাছিয়াৰ সেনাৰ হাতত।পৰমাণু বিজ্ঞানীসকলৰ দাবী- এই মিছাইল বিধে মুহূৰ্ততে পুৰি চাৰখাৰ কৰি দিব পাৰিব আমেৰিকাক।
উল্লেখ্য যে, ট্ৰাম্পৰ শাসন কালত আমেৰিকাই ২০১৯ চনত স্বাক্ষৰিত ‘Intermediate-Range Nuclear Forces Treaty’ ৰ পৰা ওলাই আহিছিল।

ইয়াৰ ফলত ৰাছিয়াৰ প্ৰতিৰক্ষাৰ প্ৰতি আমেৰিকাই ভাবুকিৰ সৃষ্টি কৰাৰ আশংকাই দেখা দিছিল।এনে পৰিস্থিতিৰ মাজতে ৰাছিযাই আমেৰিকা ধ্বংস কৰি দিব পৰা মিছাইল সাজি উলিওৱা বুলি অনুমান কৰা হৈছে।

media school
Leave A Reply

Your email address will not be published.