কোভিড-১৯ৰ প্ৰতি গুৰুত্ব দিয়া নাছিল ‘হু’ৱে;নিৰপেক্ষ সমিতিৰ বিষ্ফোৰক তথ্য
ক’ভিড–১৯ মহামাৰী সংক্ৰমণৰ বাবে চীনৰ সমানেই জগৰীয়া বিশ্ব স্বাস্থ্য সংস্থা। যোৱাবছৰ মে’ মাহত বিশ্ব স্বাস্থ্য সংস্থাই গঠন কৰা এক নিৰপেক্ষ সমিতিয়ে শেহতীয়াকৈ এক প্রতিবেদনত এই তথ্য সদৰী কৰিছে৷ ‘দ্য ইণ্ডিপেণ্ডেণ্ট ফ’ৰ পেণ্ডামিক প্রিপেয়ার্ডনেছ এণ্ড ৰেছপনছ’ শীর্ষক কমিটীয়ে উল্লেখ কৰা অনুসৰি ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধ কৰাৰ ক্ষেত্রত বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা আৰম্ভণিতে যি গুৰুত্ব প্রদান কৰিব লাগিছিল, সেই গুৰুত্ব সংস্থাটোৱে প্ৰদান নকৰিলে।
কমিটীয়ে উল্লেখ কৰিছে যে গোলকীয় স্বাস্থ্য সতর্কতাবাণী তথা ইয়াক প্রতিৰোধৰ ব্যৱস্থা গঢ়ি তুলিব লাগিব৷ বর্তমানৰ ব্যৱস্থা মহামাৰী প্রতিৰোধৰ উদ্দেশ্যৰ বাবে ১০০ শতাংশ কার্যকৰী নহয় বুলিও কমিটীয়ে উল্লেখ কৰিছে৷
ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ লগে লগে প্রতিটো পদক্ষেপত যি গুৰুত্ব দিব লাগিছিল সেয়া পৰিলক্ষিত নোহোৱাৰ বাবেই বিশ্বজুৰি ই অতিমাৰীলৈ ৰূপান্তৰিত হোৱা বুলিও প্রতিবেদনত প্রকাশ পাইছে৷ সংবাদ সংস্থা চিএনএনে এই প্রতিবেদনৰ উদ্ধৃতি দি প্রকাশ কৰিছে যে বেইজিং প্রশাসনে জানুৱাৰী মাহত বাস্তৱিকতাক পৰিহাৰ কৰি জনস্বাস্থ্যৰ ক্ষেত্রত বলপূর্বক ব্যৱস্থা প্রয়োগ কৰিছিল৷