দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰ হোটেল ৰেডিচন ব্লুত সংবাদমেল ।

0 230

দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তই হোটেল ৰেডিচন ব্লুত আজি অনুষ্ঠিত কৰে এখন সংবাদমেল।

মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল অৰোৰাই সম্বোধন কৰে এই সংবাদমেল ।সংবাদমেলত উপস্থিত থাকে নিৰ্বাচন আয়ুক্তদ্বয় সুশীল চন্দ্ৰা আৰু ৰাজীব কুমাৰো।

ৰাজনৈতিক দল সমূহৰ সৈতে আলোচনাত বহে ৩দিনীয়া কাৰ্যসূচীৰে অসমলৈ অহা নিৰ্বাচনী আয়োগৰ দলটোৱে।

বেলট পেপাৰত নিৰ্বাচন হোৱাটো বিচাৰে একাংশ ৰাজনৈতিক দলে ।৩১ মেত উকলিব নিৰ্বাচনী অধিসূচনাৰ দিন।টীম অসম’ নিৰ্বাচনৰ বাবে সাজু বুলি মন্তব্য কৰে অৰোৰাই।

ৰাজ্যৰ নিৰ্বাচন এইবাৰো ইভিএমৰ জৰিয়তে অনুষ্ঠিত হ’ব বুলি তেওঁ জনায়।নিৰ্বাচনী ব্যয় নিৰীক্ষণৰ বাবে নিয়োগ কৰা হ’ব পৰ্যবেক্ষক।

ইতিমধ্যে ১৮ জানুৱাৰীত প্ৰকাশ কৰা হৈছে চূড়ান্ত ভোটাৰ তালিকা।প্ৰাৰ্থীয়ে অনলাইন পদ্ধতিৰে সংগ্ৰহ কৰিব পাৰিব মনোনয়ন পত্ৰ।

প্ৰাৰ্থী সহ পাঁচজনেহে ঘৰে ঘৰে যাব পাৰিব নিৰ্বাচনী প্ৰচাৰত।ৰোড শ্ব’ৰ ক্ষেত্ৰত নাথাকিব কোনো বাধা।

বিহুৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰাৰ স্পষ্ট ইংগিত দিলে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে।NRC ত নাম নাথাকিলেও ভোটদানৰ সুবিধা পাব, যদিহে ভোটাৰ তালিকাত নাম থাকে।

media school
Leave A Reply

Your email address will not be published.