অজিংকা ৰাহানেৰ মহানুভৱতা ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি সন্মান ।

0 323

বিশ্ব ক্ৰিকেটৰ ইতিহাসৰ পৃষ্ঠাত নতুন সংযোজন কৰা ভাৰতীয় ক্ৰিকেট দলৰ জয় ।

অধিনায়ক বিৰাট কোহলিৰ অনুপস্থিতিত দলৰ গুৰু দায়িত্ব দিয়া অজিংকা ৰাহানেৰ সফলতাই সমগ্ৰ ভাৰতীয় দলৰ উপৰিও সমগ্ৰ বিশ্বৰ ক্ৰিকেট প্ৰেমীয়ে জনায় শুভেচ্ছা ।

এনে এক ঐতিহাসিক মূহূৰ্তত চিৰিজ জয় কৰাৰ বাবে ৰাহানেৰ আত্মীয়ই আয়োজন কৰিছিল এক উৎসৱ ।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৰচনা কৰা এই বিজয় উৎসৱৰ বাবে অনা হৈছিল এটা কেক ।


কিন্তু ,কেকৰ ওপৰত সংযোগ হৈ আছিল এটা কেঙ্গাৰুৰ প্ৰতিকৃতি ,কন্যা সন্তানটিক কোলাত লৈ কেক কাটিবলৈ আহি কেকটো কটাৰ বাবে অমান্তি হয়।
কিয়নো অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় প্ৰতীক কেঙ্গাৰু লগতে আছিল ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা ।

এই মহানুভৱতা দেখুৱা ৰাহানেৰ এই ব্যক্তিত্বই বৰ্তমান সচেতন মহলত এক ধনাত্মক দিশ কঢ়িয়াই আনিলে ।
কিন্তু, পাছৰ পৰ্যায়ত কেঙ্গাৰুৰ প্ৰতিকৃতি আঁতৰাই দিয়াৰ পাছত সুন্দৰকৈ কেকটো কাটে ।

media school
Leave A Reply

Your email address will not be published.