বয়ফ্ৰেণ্ড নহলে ১৪ ফেব্ৰুৱাৰীত কলেজত প্ৰৱেশ নিষিদ্ধ

0 586

প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে এটা বিশেষ দিন ১৪ ফেব্ৰুৱাৰীৰ ভেলেণ্টাইন ডে’। আপোনজনৰ সৈতে সেইদিনটোত প্ৰেমালাপ কৰিব প্ৰেমিকযুগলে। চিৰজীৱন ইজনে আনজনক প্ৰতিশ্ৰুতি দিব কাষত থকাৰ। কিন্তু অকলশৰে থকা জনৰ বাবে দুঃ খৱৰ। কিয়নো ১৪ ফেব্ৰুৱাৰীত প্ৰেমিক অবিহনে কলেজত প্ৰৱেশ নিষিদ্ধ। এই আজৱ জাননী দিলে আগ্ৰাৰ ছেইণ্ট জন্স কলেজত।সেই জাননীত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে ১৪ ফেব্ৰুৱাৰীৰ আগতে ছাত্ৰীয়ে বয়ফ্ৰেণ্ড বিচাৰি ল’ব লাগিব। নিৰাপত্তাৰ বাবেই এই সিদ্ধান্ত লৈছে কলেজ কৰ্তৃপক্ষই। লগতে জাননীত উল্লেখ কৰা হৈছে যে ১৪ ফেব্ৰুৱাৰীত বয়ফ্ৰেণ্ড অবিহনে কোনো ছাত্ৰীয়ে কলেজত সোমাব নোৱাৰিব। আজৱ ঘটনা! সৃষ্টি হৈছে চাঞ্চল্য। কিন্তু এনে আজৱ জাননী জাৰি কৰা বিষয়টো সম্পূৰ্ণ অস্বীকাৰ কৰিছে কলেজ কৰ্তৃপক্ষই।

কোনো দুষ্ট প্ৰকৃতিলোকে কলেজকখনক বদনাম কৰাৰ উদ্দশ্যে এনে কাণ্ড কৰাৰ বুলি কলেজ কৰ্তৃপক্ষই সন্দেহ প্ৰকাশ কৰিছে। জাননীত অধ্যাপকৰ চহীও জাল কৰা হৈছে বুলি কলেজৰ ফালৰ পৰা জনোৱা হৈছে।সচাঁকৈ আচৰিত দুনিয়া! ভাইৰেল চছিয়েল মিডিয়া।

media school
Leave A Reply

Your email address will not be published.