ম্যানমাৰৰ শীৰ্ষ নেত্ৰী আং চান চ্যু কী আৰক্ষীৰ জিম্মাত ।
ম্যানমাৰৰ ৰাজনীতিত সেনা আৰু শাসকীয় দলৰ মাজত সংঘাত ।দুয়ো পক্ষৰ মাজৰ সংঘাতে ল’লে ভয়ংকৰ পৰিণতি।
ম্যানমাৰ সেনাই অভিযান চলাই আটক কৰে শীৰ্ষ নেত্ৰী আং চান চ্যু কী আৰু শাসনাধীস্থ দলৰ কেইবাগৰাকীও শীৰ্ষ নেতাক।
নেশ্বনেল লীগ ফৰ ডেমক্ৰেচীৰ মুখপাত্ৰই জনোৱা মতে সোমবাৰে সেনাই আটক কৰিছে ম্যানমাৰৰ বিখ্যাত মানৱাধিকাৰ কৰ্মীগৰাকীৰ লগতে নেতাকেইগৰাকীক। এই ঘটনাৰ পাছতেই এবছৰৰ বাবে ম্যানমাৰত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ লগতে এবছৰৰ বাবে সেনাৰ নিয়ন্ত্ৰণলৈ গ’ল ম্যানমাৰ।
কেৱল আং চান চ্যু কীয়ে নহয় ৰাষ্ট্ৰপতি ৱিন মিন্টকো সোমবাৰে আৰক্ষীৰ জিম্মাত লোৱাৰ তথ্য লাভ কৰা গৈছে। নেশ্বনেল লীগ ফৰ ডেমক্ৰেচীৰ মুখপাত্ৰই সাধাৰণ জনতাক এই মূহুৰ্তত সম্পূৰ্ণ আইন শৃংখলা মানি চলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে।
ম্যানমাৰৰ সেনা ৰাজনৈতিকভাৱে যথেষ্ট সক্ৰিয় যদিও ম্যানমাৰৰ ক্ষমতা হস্তগত কৰিবলৈ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে তাত জনতাৰ সমৰ্থন লাভ কৰাৰ সম্ভাৱনা যথেষ্ট কম।
সেনাৰ এই পদক্ষেপৰ খবৰ বিয়পি পৰাৰ পাছতেই উত্তেজিত হৈ পৰিছে সাধাৰণ জনতা।
উল্লেখ্য যে ২০১১চনলৈকে সৈনিক শাসনৰ অধীনত আছিল ম্যানমাৰ আৰু গৃহবন্দী হিচাপে ৰখা হৈছিল নেত্ৰী আং চান চ্যু কীক।
২০১৫ চনৰ ৮ নবেম্বৰত অনুষ্ঠিত নিৰ্বাচনত মুঠ ৪৯৮খন আসনৰ ৩৯৬খন আসনেই লাভ কৰি শাসনলৈ আহিবলৈ সক্ষম হৈছিল আং চান চ্যু কী।