জুবিন গাৰ্গৰ বিৰুদ্ধে তদন্তৰ আহ্বান ৰাজ্যিক মহিলা আয়োগৰ

0 4,109

বিতৰ্কত অসমীয়া যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিৰুদ্ধে তদন্তৰ আহ্বান ৰাজ্যিক মহিলা আয়োগৰ ।

অভিনেত্ৰী নিশিতা গোস্বামীক এক এৱাৰ্ড শ্ব’ত কৰা ধেমেলীয়া অশালীন মন্তব্যৰ বাবে বিপদত এতিয়া জুবিন গাৰ্গ।

ৰাজ্যিক মহিলা আয়োগে ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধানলৈ জুবিনৰ বিৰুদ্ধে তদন্তৰ আহ্বান জনাই পত্ৰ প্ৰেৰণ কৰিছে ।

অসমীয়া ছবি এখনৰ বিশেষ এটা দৃশ্যৰ ওপৰত নিশিতা গোস্বামীক কটু মন্তব্যৰ বাবে বিতৰ্ক জুবিন ।

জুবিন গাৰ্গে গোটেই চিনেমা খনত মই তাইৰ ……. দেখা পালো বুলি ৰাজহুৱাকৈ কোৱাৰ পাছত নিশিতা গোস্বামীয়ে ধেমেলীয়া ভাবে কথাখিনি গ্ৰহণ কৰিছিল যদিও পাছৰ পৰ্যায়ত চছিয়েল মিডিয়াত ইয়াৰ বাবে এক পোষ্টাৰ আপলোড কৰি মনৰ ক্ষোভ উজাৰিছিল ।

এই অনুষ্ঠানতে LGBT অধিকাৰ কৰ্মী মিলিন দত্তকো জুবিনে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে । জুবিনে মঞ্চত এটাও বাক্য কবলৈ নিদিয়াৰ অভিযোগ তুলিছে।

media school
Leave A Reply

Your email address will not be published.