কৃষকৰ প্ৰতিবাদলৈ সমৰ্থন প’পষ্টাৰ ৰিহানাৰ
ভাৰতত অহৰহ চলি থকা কৃষকৰ প্ৰতিবাদলৈ এইবাৰ সমৰ্থন
আগবঢ়ালে আন্তঃৰাষ্ট্ৰীয় প’পষ্টাৰ ৰিহানা আৰু পৰিৱেশ কৰ্মৱ থানবাৰ্গে ৷
টুইটাৰত ১০০ মিলিয়নতকৈ অধিক অনুৰাগী থকা ৰিহানাই টুইটযোগে কৃষকসকলৰ প্ৰতি সমৰ্থন জনাই লিখে যে,
“আমি কিয় এই বিষয়ত কথা নাপাতিম ?
প্ৰতিবাদী কৃষকৰ প্ৰতিবাদস্থলীত ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ প্ৰসংগতো ৰিহানাই ব্যক্ত কৰে প্ৰতিক্ৰিয়া ৷
আনহাতে, শিশু পৰিবেশ কৰ্মী গ্ৰেটা থানবাৰ্গে ভাৰতৰ কৃষকৰ প্ৰতিবাদলৈ সমৰ্থন আগবঢ়াই লিখে, ‘‘আমি ভাৰতৰ কৃষকৰ প্ৰতিবাদৰ সৈতে একতাৰে থিয় হৈছো৷” ইয়াৰ সমান্তৰালভাৱে উত্তৰ প্ৰদেশ , পঞ্জাৱ , হাৰিয়ানা তথা উত্তৰ প্ৰদেশৰ পৰা অহা হাজাৰ হাজাৰ প্ৰতিবাদী শ্ৰমিকে এতিয়াও দিল্লীৰ সীমান্তত অব্যাহত ৰাখিছে কৃষি আইন বিৰোধী প্ৰতিবাদ ৷