ৰাইজৰদল-এজেপি ৰ মিত্ৰতা চূড়ান্ত, ২১ ৰ নিৰ্বাচনত নিৰ্বাচন খেলিব একেলগে

0 2,175

বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত এজেপি আৰু ৰাইজৰ দলৰ মিত্ৰতাৰ চূড়ান্ত কৰা হৈছে ৷ এই সম্পৰ্কত আনুষ্ঠানিক ঘোষণা কৰিলে লুৰিণজ্যোতি গগৈয়ে।

ৰাইজৰ দলৰ সভাপতিৰ শাৰীৰিক অসুস্থতাৰ বুজ ল’বলৈ জি এম চি এইচলৈ আহি লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই অখিলৰ সৈতে ভিন্ন ৰাজনীতৈক প্ৰেক্ষাপটৰ বিষয়েও বাৰ্তালাপ কৰে আৰু দুই দলৰ মিত্ৰতাৰ সম্পৰ্কত এজেপিৰ পৰা ফালৰ পৰা পত্ৰ প্ৰেৰণ কৰে।

দুই পক্ষৰ ডেৰঘন্টাজোৰা আলোচনাৰ অন্ততে জি এম চি এইচৰ পৰা ওলাই আহি মিত্ৰতা সম্পৰ্কে সংবাদ মাধ্যমৰ আগত চূড়ান্ত ঘোষণা কৰিলে লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই ৷

অখিল গগৈয়ে কাৰাগাৰৰ পৰা জনোৱা”আঞ্চলিক শক্তিক একত্ৰিত হ’বলৈ কোৱা ” আহ্বানৰ প্ৰতি সঁহাৰি জনাই এজেপি আৰু ৰাইজৰ দলে মিত্ৰতা কৰি সংবাদ মাধ্যমৰ আগত লুৰিণজ্যোতিয়ে বক্তব্য দাঙি ধৰিলে যে “অসমত আঞ্চলিকতাবাদৰে চৰকাৰ হ’ব ” ৷

media school
Leave A Reply

Your email address will not be published.