প্ৰথমে প্ৰেমিকাক হত্যা ,তাৰপাছত লুকুৱাই থ’লে বেৰৰ প্লাষ্টাৰৰ ভিতৰত
আশ্চৰ্যকৰ এটা ঘটনা ৷
মহাৰাষ্ট্ৰত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড ৷
উল্লেখযোগ্য যে বৃন্দাবন দৰ্শন কমপ্লেক্সৰ ১০১ নম্বৰৰ ফ্লেটত “লিভ ইন পাৰ্টনাৰ” ৰ সম্পৰ্কত থকা ৩২ বছৰ বয়সৰ সূৰয হৰমলকাৰে তেঁওৰ প্ৰেয়সী অমিতা মোহিতক প্ৰায় চাৰিমাহ পূৰ্বে হত্যা কৰিছিল।
ইয়াৰ পাছতে বাথৰুমৰ দেৱালৰ ভিতৰত প্লাষ্টাৰ কৰি প্ৰেয়সীক লুকুৱাই থৈছিল ৷ কিছুদিনৰ পৰা ওচৰ চুবুৰীয়াই অমিতাক দেখা নোপোৱাত সন্দেহ প্ৰকাশ কৰি আৰক্ষীক খবৰ দিয়ে ৷
আৰক্ষী আহি অনুসন্ধান কৰাত বাথৰুমৰ বেৰৰ ভিতৰৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে ৷ ইয়াৰ পাছতেই মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷
আনহাতে সোধ পোছৰ বাবে হত্যাকাৰী প্ৰেমিকক আৰক্ষীৰ জিন্মাত লৈছে