উত্তৰাখণ্ডৰ মহাপ্ৰলয়ে কাঢ়ি নিলে বহু লোকৰ জীৱন , সন্ধানহীন অসমৰ তিনি যুৱক

0 1,274

উত্তৰাখণ্ডত বৰ্তমানে অতি ভয়াৱহ পৰিস্থিতি ৷ জলপ্ৰলয়ে ধ্বংস কৰি নিলে বহু লোকৰ জীৱন ৷ উটুৱাই নিলে বহু লোকৰ ঘৰ-বাৰী ৷

চামোলি হিমবাহ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা মহা জলপ্ৰলয়ৰ ফলত বৰ্তমানেও শাম কটা নাই উত্তৰাখণ্ডৰ পৰিস্থিতি ৷ এতিয়ালৈকে নিখোজ হৈ আছে ১৭০ জনকৈ লোক ৷ দেওবাৰে নিশালৈকে উদ্ধাৰ কৰা হ’ল ১৪ জনকৈ লোকৰ মৃতদেহ ৷ বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান।

কিন্ত মৃত্যুৰ সংখ্যা কিমানলৈকে হ’বগৈ সেয়া অনুমানৰ বাহিৰত ৷ উল্লেখনীয় যে অসমৰ কামপুৰ চাংচকীৰ পৰা উত্তৰাখণ্ডলৈ কৰ্মসূত্ৰে যোৱা একে ঘৰৰে দুজনকৈ যুৱক সন্ধানহীন হোৱাৰ পাছতেই এইবাৰ পুনৰ হোজাইৰ কাকীৰ আৰু এজন যুৱক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে ৷ প্ৰায় চাৰি বছৰৰ পৰা উত্তৰাখণ্ডত কৰ্মৰত হৈ থকা কামপুৰৰ অমৰজ্যোতি দাস আৰু কমল দাস নামৰ দুই ভাতৃ লকডাউনৰ পাছত পুনৰ কৰ্মস্থলীলৈ গৈছিল ৷

আনহাতে হোজাইৰ সন্ধানহীন যুৱকজন কমল দাসৰ খুলশালী আছিল বুলি পৰিয়ালৰ লোকৰ পৰা জানিব পৰা যায় ৷ উল্লেখনীয় কথাটো হ’ল যে কমল দাস, অমৰজ্যোতি দাসে উত্তৰাখণ্ডত থকা ঘৰটোত প্ৰলয়ল সময়ত ২১ জন লোক আছিল বুলি জানিব পৰা গৈছে লগতে সম্পূৰ্ণ ঘৰটো উটুৱাই লোৱাৰ খবৰো পোৱা গৈছে ৷

আৰু ইপিনে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱটে এই মহাপ্ৰলয়ত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ চাৰি লাখকৈ সাহায্য ঘোষণা কৰিছে ৷

Leave A Reply

Your email address will not be published.