টকিঅ’ অলিম্পিকত ১,৫০,০০০ বিনামূলীয়া কনড’মৰ ব্যৱস্থা

0 27,985

২০২১ টকিঅ’ অলিম্পিকত ১,৫০,০০০ বিনামূলীয়া কনড’মৰ ব্যৱস্থা
যোগান ধৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে টকিঅ’ অলিম্পিকৰ উদ্যোক্তা সকলে আগন্তুক টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া এথলেট সকলৰ জ্ঞাতাৰ্থে ।

কোভিডৰ সংক্ৰমণৰ বাবে এনেধৰণৰ অদ্ভুদ নিয়ম বান্ধি দিয়াৰ উপৰিও অন্যান্য লোকক অতি সীমিত পৰিমাণে সাক্ষাৎ কৰাৰ নিৰ্দেশনাৰ মাজতে টকিঅ’ অলিম্পিকৰ উদ্যোক্তা সকলে বিনামূলীয়া কনড’মৰ ব্যৱস্থা কৰা খবৰে চৰ্চা লাভ কৰিছে।

ইপিনে, টকিঅ’ অলিম্পিকৰ সময়ত এথলেট সকলক জিম, পৰ্যটনস্থান, দোকান, ৰেষ্টুৰেণ্ট আদি ভ্ৰমণ কৰাৰ অনুমতি নাপাব ।

২৩ জুলাইৰ পৰা জাপানৰ ৰাজধানী টকিঅ’ত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া প্ৰতিযোগিতাখন অনুষ্ঠিত হোৱাৰ কথা।

উল্লেখযোগ্য যে, কোভিড মহামাৰীৰ বাবে প্ৰতিযোগিতাখন ২০২১ চনলৈ পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় যদিও ২০২০ চনতে টকিঅ’ অলিম্পিক অনুষ্ঠিত হোৱাৰ কথা আছিল ।

আনহাতে, ভাৰতৰ ক্ৰীড়া মন্ত্ৰ্যালয়ৰ তৰফৰ পৰাও টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় খেলুৱৈ সকলৰ লগতে সকলো বিষয়ববীয়াক নিৰ্দিষ্ট সময়ত কোভিড ভেকচিন প্ৰদান কৰা হ’ব বুলি প্ৰকাশ কৰে।

media school
Leave A Reply

Your email address will not be published.