মহাৰাষ্ট্ৰৰ ৰাজ্যপালক বিমানত উঠাৰ অনুমতি নিদিলে মুখ্যমন্ত্ৰী শিৱসেনাই

0 239

মহাৰাষ্ট্ৰত আজি পুনৰ দৃষ্টিকটু ভাবে প্ৰকট হৈ পৰিল বিজেপি আৰু শিৱসেনাৰ মাজত চলি থকা শীতল যুদ্ধ খনৰ কথা।

আজি পুৱা চৰকাৰী অনুমোদন নথকাৰ বাবেই ৰাজ্য খনৰ ৰাজ্যপালগৰাকীয়ে যাত্ৰা কৰিবলৈ বুলি আৰোহণ কৰা বিমানৰ পৰা নামি আহিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে আজি পুৱা ৯ বজাত ডেৰাদুনলৈ যোৱাৰ উদ্দেশ্যে উপস্থিত হৈছিল মুম্বাইৰ কালিনাস্থিত জেনেৰেল এভিয়েছনৰ বিমান বন্দৰৰ টাৰ্মিনেলত।

ৰাজ্যপালগৰাকীয়ে ছেচনা XLS বিমানেৰে ডেৰাদুনলৈ যাত্ৰা কৰাৰ কথা আছিল।

ভিভিআইপিৰ বাবে ৰাজ্য চৰকাৰে  সচৰাচৰ আগবঢ়াই অহা  বিশেষ বিমানেৰে যাত্ৰা কৰাৰ উদ্দেশ্যে ৰাজপাল কোশিয়াৰী সাজু হয় যদিও অৱশেষত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ অনুমোদন লাভ নকৰাৰ বাবেই বিশেষ বিমান খনত ১৫ মিনিট বহি থাকিও নামি আহিবলৈ বাধ্য হয় ৰাজ্যপালগৰাকী।

পিছত তেওঁ সাধাৰণ যাত্ৰীৰ বাবে থকা বিমানেৰেই গন্তব্যস্থল অভিমুখে ৰাওনা হয়।

ৰাজভৱনৰ সূত্ৰই প্ৰকাশ কৰা মতে ভিভিআইপি বিমানেৰে যাত্ৰা কৰাৰ অনুমোদন বিচাৰি ৰাজভৱনে প্রথমে অসামৰিক বিমান পৰিবহন দপ্তৰলৈ পত্ৰ পঠিয়াইছিল।

সেই পত্ৰ  নিয়ম অনুসৰি অনুমোদনৰ বাবে অসামৰিক বিমান পৰিবহন দপ্তৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ পঠিয়ায়।

সিমানলৈকে সকলো ঠিকেই আছিল যদিও মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই ৰাজ্যপালৰ উক্ত ভ্ৰমণত অনুমোদন নিদিয়াৰ বাবেই ৰাজ্যপাল কোশিয়াৰীয়ে ভিভিআইপি বিমানেৰে যাত্ৰা কৰাৰ পৰা বঞ্চিত হ’বলগীয়া হ’ল।

উল্লেখ্য মহাৰাষ্ট্ৰত শিৱসেনা আৰু বিজেপিৰ মাজত সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে।

কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে চৰকাৰে নিযুক্তি দিয়া ৰাজপাল কোশিয়াৰৰ  ক্ষেত্ৰত সংঘটিত আজিৰ ঘটনাটোৱে এই সংঘাতক অধিক স্পষ্ট ৰূপত উদঙাই দিছে।

media school
Leave A Reply

Your email address will not be published.