ফাষ্টটেগ ১৫ ফেব্ৰুৱাৰীৰ পৰা বাধ্যতামূলক

0 3,541

১৫ ফেব্ৰুৱাৰীৰ পৰা দেশৰ সকলো টোলগেটতে ফাষ্টটেগ বাধ্যতামূলক কৰা হৈছে। সেইমৰ্মে ১৫ ফেব্ৰুৱাৰী সোমবাৰৰ পৰা সকলো বাহনতে ফাষ্টটেগ বাধ্যতামূলক হ’ব।

২০১৭ চনৰ পাছত ক্ৰয় কৰা প্ৰতিখন বাহনতে বাধ্যতামূলক কৰা হৈছে ফাষ্ট টেগ। ইতিমধ্যে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই নিৰ্দেশ প্ৰদান কৰিছে।

ফাষ্টগেট হৈছে একধৰণৰ টোল সংগ্ৰহ প্ৰক্ৰিয়া। RFID প্ৰযুক্তিয়ে এই প্ৰক্ৰিয়াত ধন সংগ্ৰহত সহায় কৰে আৰু যাত্ৰীসকলে টোলগেটেৰে যাত্ৰা কৰোঁতে অতি সহজে ধন পৰিশোধ কৰিব পাৰে।

সেইমৰ্মে, ২০০ টকা দি ক্ৰয় কৰিব পাৰিব ফাষ্টটেগ আৰু অতি কমেও ১০০ টকা ৰিচাৰ্জ কৰিব পাৰিব। আনহাতে ডেবিট-ক্ৰেডিট কাৰ্ডৰ জৰিয়তেও সংলগ্ন কৰিব পাৰিব ফাষ্টটেগ।

আনহাতে যানবাহনে ফাষ্টটেগ ব্যৱহাৰ নকৰিলে সেইসমূহ যানবাহনে দুগুণ জৰিমনা ভৰিব লাগিব। ইয়াৰ পূৰ্বেও চলিত বৰ্ষত ১ জানুৱাৰীৰ পৰা বাধ্যতামূলক কৰা হৈছিল ফাষ্টটেগ।

কিন্তু এই সময়সীমা বৃদ্ধি কৰি ১৫ ফেব্ৰুৱাৰীৰ মাজনিশাৰ পৰা পৰা বাধ্যতামূলক কৰা হৈছে ফাষ্টটেগ।

media school
Leave A Reply

Your email address will not be published.