৯৮০০ টকালৈ দাম কমিল সোণৰ
গ্ৰাহকসকলৰ বাবে সোণালী সুযোগ ৷
সোণ-ৰূপ ক্ৰয় কৰিবলৈ ইচ্ছা কৰি থকা গ্ৰাহকসকলে অতি শীঘ্ৰে ক্ৰয় কৰি ল’ব পাৰিব সোণ অথবা ৰূপ ৷
বৃহস্পতিবাৰে দেখা গৈছিল সোণ-ৰূপৰ মূল্য বৃদ্ধি পোৱা ৷ ইয়াৰ পাছতে সংসদত বাজেট উত্থাপনৰ পাছতে দেখা গৈছ এতিয়া সোণ-ৰূপৰ মূল্য হ্ৰাস হোৱা ৷
প্ৰতি দহ গ্ৰাম সোণত ১৭২ টকা বৃদ্ধি পাইছিল আৰু ইয়াৰ ফলত মূল্য হয় ৪৬৪০৯ টকা ৷ যোৱা সপ্তাহত মূল্য আছিল ৪৬২৭৯ ৷সমান্তৰালভাৱে ৰূপৰো প্ৰতিকেজিত ১৬৯ টকা মূল্যবৃদ্ধি হৈ দাম হৈছিল ৬৯,৪০০ টকা ৷
যোৱা সপ্তাহত এক কেজি ৰূপৰ মূল্য ৬৯,২৩১ টকা ৷ আগষ্ট মাহত সোণৰ দেখা গৈছিল আকাশলংঘী মূল্য ৷ বৰ্তমানে এই মূল্যৰ পৰা কমি গৈ দেখা গৈছে সোণৰ মূল্য প্ৰায় ৯৮০০ টকালৈ হ্ৰাস পাইছে ৷ সমান্তৰালভাৱে ৰূপৰ মূল্যত হ্ৰাস পাইছে ৮৪০০ টকা ৷