ক্ৰিকেটৰ সৰ্ববৃহৎ ষ্টেডিয়াম নিৰ্মাণ “প্ৰধান মন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন গাংগুলিৰ”

0 231


ইংলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাৰ তৃতীয়খন মেচ আৰম্ভ হোৱাৰ কেইঘণ্টামান পূৰ্বে টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ তেওঁলোকৰ নেতৃত্বৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে

গুলপীয়া বলৰে আৰম্ভ কৰিবলৈ ওলোৱা খেলখন গুজৰাটৰ আহমেদাবাদৰ মটেৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

শেহতীয়াকৈ বিজেপি চৰকাৰে মটেৰা ষ্টেডিয়াম বৰ্তমান বিশ্বৰ ভিতৰতে আটাইতকৈ বৃহৎ ক্ৰিকেট ষ্টেডিয়াম ৰূপে নিৰ্মাণ কৰি উলিয়াইছে । সেইবাবেই টেষ্টত সাত হেজাৰ আৰু এদিনীয়া মেচত এঘাৰ হেজাৰৰো অধিক ৰাণ কৰা টীম ইণ্ডিয়াৰ অন্যতম সফল অধিনায়কজনে প্ৰধামন্ত্ৰী আৰু গৃহমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰিছে।

উল্লেখযোগ্য বিজেপি চৰকাৰৰ দিনত প্ৰাক্তন মাৰমুখী বেটচমেনজন বিচিচিআইৰ সভাপতি পদতো অধিস্থিত হৈছে। আনহাতে সম্পাদকৰ পদবীত আছে অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ।

টুইটযোগে তেওঁ জনায় টেষ্টমেচত গুলপীয়া বল খেলোৱাটো ভাৰতৰ সপোন আছিল। ইডেন গাৰ্ডেনত ইয়াৰ পূৰ্বে প্ৰথমবাৰৰ বাবে গুলপীয়া বল ব্যৱহাৰ কৰিছিল ।

তদুপৰি তেওঁ টেষ্টমেচখন উপভোগ কৰিবলৈ ষ্টেডিয়ামত থাকিব নোৱাৰাৰ বাবে দুখপ্ৰকাশ কৰে। ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীয়ে জনায় যে বিশ্বৰ ভিতৰতে আটাইতকৈ বৃহৎ এখন ক্ৰিকেট ষ্টেডিয়ামৰ বাবে তেওঁলোক গৰ্বিত হৈছে।

তদুপৰি ষ্টেডিয়ামৰ আন্তঃগাঁঠনি অতি উন্নত বুলি কৈ কোহলীয়ে জনায় যে খেলপথাৰত নামিবলৈ তেওঁলোক আগ্ৰহী হৈ আছে।

media school
Leave A Reply

Your email address will not be published.