অসম জাতীয় পৰিষদৰ চূড়ান্ত হ’ল প্ৰতীক চিহ্ন।
জাহাজৰ প্ৰতীক চিহ্নলৈ এইবাৰ বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব নৱ গঠিত ৰাজনৈতিক দল অসম জাতীয় পৰিষদে।
অসম জাতীয় পৰিষদক কেন্দ্ৰীয় নিৰ্বাচন আয়োগে পঞ্জীয়ন নম্বৰো নম্বৰো প্ৰদান কৰিছে।
২৫ ফেব্ৰুৱাৰীৰ পৰা দেশৰ এটা স্বীকৃত ৰাজনৈতিক দল হিচাবে অসম জাতীয় পৰিষদ পৰিগণিত হ’ব বুলি ঘোষণা কৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে।
নিৰ্বাচন আয়োগে অসম জাতীয় পৰিষদক প্ৰদান কৰা পঞ্জীয় নম্বৰ হৈছে 56/161/2020/2021/pps1
দলৰ পঞ্জীয়ন নম্বৰ আৰু প্ৰতীক মুকলি কৰে সভাপতি লুৰীণজ্যোতি গগৈয়ে।
লুৰীণৰ মতে “AJP ৰ প্ৰতীক প্ৰকাশ নোপোৱাক কেন্দ্ৰ কৰি বিভিন্ন মহলে সামাজিক মাধ্যমত অপপ্ৰচাৰ চলাই আহিছিল ।”
সমগ্ৰ ভাৰতৰ আঞ্চলিকতাবাদী শক্তি একত্ৰিত হ’ব লাগে বুলিও লুৰীণে কয়।“ৰাষ্ট্ৰীয় দলে আঞ্চলিকতাবাদী শক্তিক ধ্বংস কৰাৰ চেষ্টা কৰি আহিছে ,সেয়েহে সকলো আঞ্চলিক ৰাজনৈতিক শক্তি ভাৰতত একত্ৰিত হ’ব লাগে।” লুৰীনে এইদৰে কয়।