নৰেন্দ্ৰ মোডীয়ে গ্ৰহণ কৰিলে ক’ভিড ভেকচিন ।

0 282


দ্বিতীয় পৰ্যায়ৰ টিকাকৰণৰ ইতিমধ্যে আৰম্ভ হৈছে।

আজিৰ পৰা দেশৰ সাধাৰণ জনতাই গ্ৰহণ কৰিব পাৰিব ভেকচিন ।

এই পৰ্যায়ত ৬০বৰ্ষৰ ওপৰৰ লোকৰ লগতে ৪৫বছৰ বয়সৰ উৰ্ধৰ লোকসকলৰ বাবে কৰিব লাগিব পঞ্জীয়ন।

টিকাকৰণৰ বাবে COWIN 2.0 এপৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম সমূহ ।

আজিৰ পৰাই মুকলি কৰা হৈছে COWIN 2.0 পৰ্টেলত পঞ্জীয়নৰ কাম ।

বিশেষভাবে জানিবৰ বাবে cowin.gov.in ৱেবচাইটৰ সুবিধা ল’ব পাৰিব জনসাধাৰণে ।

আয়ুষ্মান ভাৰত PMJAY ৰ অধীনত ১০,০০০তকৈ অধিক হস্পিতালত চৰকাৰী নীতি অনুসৰি টিকাকৰণ কেন্দ্ৰ ৰূপে নিৰ্ধাৰণ কৰিছে।

ব্যক্তিগত খণ্ডই কভিড -১৯ ৰ প্ৰতি পালি ভেকচিনৰ বাবদ ২৫০টকাকৈ ল’ব পাৰিব ।১মাৰ্চত নতুন দিল্লীৰ এইমছত কভিড-১৯ৰ প্ৰথম পালি ভেকচিন গ্ৰহণ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই লগতে দেশৰ জনসাধাৰণকো এই সুবিধা ল’বৰ বাবে আহ্বান জনাই ।

Leave A Reply

Your email address will not be published.