তামিলনাডুত ৰাহুল গান্ধীয়ে মঞ্চত কৰিলে শৰীৰচৰ্চা ।

0 4,309

ৰাহুল গান্ধী য়ে এইকেইদিন তামিলনাডু ভ্ৰমণ কৰি আছে , য’ত তেওঁৰ এটা বেলেগ শৈলী ৰাইজে প্ৰত্যক্ষ কৰিছে ।

ৰাহুল গান্ধীয়ে বিনা দ্বিধাই সেই আবেদন ৰক্ষা কৰি শিক্ষাৰ্থীৰ সৈতে মঞ্চত পুছআপ কৰি দেখুৱাইছে ।পুছআপৰ ভিডিঅ’টো সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে বিভিন্ন লোকে । ভিডিঅ’টোত, তেওঁক প্ৰথমে দুয়ো হাতেৰে আৰু তাৰ পিছত এটা হাতেৰে পুছআপ কৰা দেখা গৈছিল। অতীতত, ৰাহুল গান্ধীৰ সুস্থতাৰ বিষয়ে যথেষ্ট আলোচনা হৈছিল যেতিয়া তেওঁৰ এইবোৰ লক্ষ্য কৰা নাছিল।

ৰাহুল গান্ধীয়ে যি জন ছাত্ৰৰ সৈতে পুছআপ প্ৰত্যাহ্বান কৰিছিল সেইজন এজন ১০ম শ্ৰেণীৰ শিক্ষাৰ্থী আৰু তেওঁৰ নাম মেৰোলিন শেনঘা। ৰাহুল গান্ধী য়ে এই দিনবোৰত দক্ষিণ ভাৰত ভ্ৰমণকৰি আছে, পুডুচেৰী আৰু কেৰালাৰ পিছত, তেওঁ তামিলনাডুত উপস্থিত হৈছিল। শিক্ষাৰ্থীসকলৰ সৈতে কথা পাতিবলৈ আগতে ৰাহুলে নাগৰকয়েলত বিজেপিৰ ওপৰত কড়মা কৰিছিল।

এক ৰাজহুৱা সভাত ৰাহুল গান্ধীয়ে কয় যে ইতিহাসে দেখুৱাইছে যে তামিল লোকৰ বাহিৰে আন কোনেও তামিলনাডুত ক্ষমতালৈ আহিব নোৱাৰিব। তামিলনাডুত, ২৩৪ টা বিধানসভা সমষ্টি ৬ এপ্ৰিলত অনুষ্ঠিত হ’ব। কংগ্ৰেছে ডিএমকে ৰ নেতৃত্বত মিত্ৰজোঁটৰ সৈতে প্ৰতিদ্বন্দিতা কৰি আছে বৰ্ত্তমানলৈকে ।

media school
Leave A Reply

Your email address will not be published.