‘পুৱতি’-ত শেষ নিশ্বাস এৰিলে মহীৰূহ প্ৰভাত শৰ্মাই

0 209

লোক সংস্কৃতিৰ সাধক প্ৰভাত শৰ্মা দেৱে শেষ নিশ্বাস ত্যাগ কৰে ।আজি পোৱাৰ ভাগত সকলোকে মৰ্মাহত কৰি এইগৰাকী মহীৰূহ গুছি গ’ল অজান দেশলৈ ৷১৯৩৫ চনত জন্মগ্ৰহণ কৰিছিল এইগৰাকী বৰেণ্য ব্যক্তিয়ে ৷ প্ৰভাত শৰ্মাই বৰপেটা চহৰৰ বিদ্যাপীঠত দশম শ্ৰেণীলৈকে শিক্ষাগ্ৰহণ কৰিছিল আৰু ইয়াৰ পাছতেই সত্যকৃষ্ণ দেৱমিশ্ৰ আৰু গংগাধৰ দেৱমিশ্ৰৰ ওচৰত বৰগীত আৰু সত্ৰীয়া সংগীতৰ শিক্ষাগ্ৰহণ কৰিছিল ৷

অসমৰ লোকসংগীত আৰু ভাৰতৰ শাস্ত্ৰীয় সংগীতৰ প্ৰাথমিক জ্ঞান আহৰণ কৰে বৰপেটাৰ জয়কৃষ্ণ সংগীত বিদ্যাপীঠৰ মতিলাল দাস আৰু গিৰিশচন্দ্ৰ দাস সান্নিধ্যত থাকি ৷ ১৯৭৩ চনত যোগদান কৰিছিল আকাশবাণী কেন্দ্ৰত ৷অসম চৰকাৰৰ তথ্য আৰু গণসংযোগ বিভাগত ষ্টাফ আৰ্টিষ্ট ৰূপে কাম কৰিছিল ১৯৯০ দশকত ৷ ২০০১ চনত শিল্পী দিৱস বঁটা (অসম চৰকাৰ) লগতে ২০০৪ চনত প্ৰয়াত প্ৰভাত শৰ্মাই লাভ কৰিছিল সংগীত নাটক একাডেমী বঁটা ৷ অসমীয়া ছবিজগতৰ কেইবাখনো অসমীয়া ছবিত সংগীত পৰিচালক ৰূপে কাম কৰিছিল এইগৰাকী মহীৰূহে ৷

মোহমুক্তি , সন্তান , সন্ধ্যাৰাগ , ব্লেকমানি কাম কৰিছিল সংগীত পৰিচালক ৰূপে ৷ ৮৬ বছৰ বয়সত পৰলোকপ্ৰাপ্তি হোৱা মহীৰূহৰ নিগাজীপামস্থিত বাসগৃহত ভিৰ কৰিছে হেজাৰ গুণমুগ্ধই ৷ এগৰাকী সংগীতজ্ঞ , , লোক সংস্কৃতিৰ গৱেষক হিচাপে অসম তথা ভাৰতৰ লোকসংগীতৰ ক্ষেত্ৰখনত এক অনবদ্য অৱদান আগবঢ়াই থৈ গ’ল এইগৰাকী প্ৰভাত শৰ্মাই ৷

সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰতি থকা অগাধ শ্ৰদ্ধাৰ বাবে তেখেতে শিক্ষা দান কৰিছিল ৷ কেইবাগৰাকী বিশিষ্ট বাঁহীবাদকে তেঁওৰ তত্ত্বাৱধানত বাঁহীৰ শিক্ষা লাভ কৰিছিল ৷ কৈ শেষ কৰিব নোৱাৰা অনবদ্য অৱদান আগবঢ়াই মঙলবাৰে পুৱা ৬ বজাত শেষ নিশ্বাস ত্যাগ কৰে এইগৰাকী মহীৰূহে ৷ তেঁওৰ পৰলোকপ্ৰাপ্তিত শোকস্তব্ধ সাংস্কৃতিক মহল ৰ লগতে সকলো গুণমুগ্ধ ৷ সঁচাকৈ মৃত্যু যদিও মানি ল’ব নোৱাৰা এক জীয়া সত্য তেখেতৰ এই পৰলোকপ্ৰাপ্তিত enews ne ৰ পৰিয়ালেও জনাইছো এক গভীৰ সমবেদনা ৷

Leave A Reply

Your email address will not be published.