নিৰ্বাচনী প্ৰচাৰৰ বাবে ১৪ মাৰ্চত অসমলৈ অমিত শ্বাহ

0 189

নাজিৰা সমষ্টিত ময়ূৰ বৰগোহাঁইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ১৪ মাৰ্চত পুনৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

নাজিৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ময়ূৰ বৰগোহাঁইৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে নাজিৰা ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজিত বিশাল জনসভাত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।


ইতিমধ্যে বিজেপিয়ে নিৰ্বাচনৰ বাবে তৈয়াৰ কৰিছে ন-ন পন্থা। সেইমৰ্মে অসমৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰস্তুত কৰিছে ষ্টাৰ কেম্পেইনাৰৰ তালিকা। আন আন শীৰ্ষ নেতাসকলৰ মাজত আছে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ। সেই উদ্দেশ্যৰে অসমলৈ পুনৰ বাৰ আহিব অমিত শ্বাহ।


ইফালে পূৰ্বে ২৫ ফ্ৰেবুৱাৰীৰ পাছত পুনৰ  নাজিৰাত আয়োজিত এই বিশাল জনসভাত মন্ত্ৰীগৰাকীয়ে প্ৰায় ৩০,০০০ লোকক সম্বোধন কৰিব বুলি আশা কৰিছে বিজেপিৰ নেতাসকলে। উক্ত জনসভাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে আন বহু নেতা।

Leave A Reply

Your email address will not be published.