পাকিস্তানৰ সংসদৰ পৰা উদ্ধাৰ চীনৰ কেমেৰা

0 377

পাকিস্তানৰ সংসদৰ পৰা চীনৰ কেমেৰা উদ্ধাৰ। পাকিস্তানৰ সংসদত ভোট চলি থকাৰ সময়তে উদ্ধাৰ হ’ল চীনৰ গোপন কেমেৰা।

দেশখনৰ সংসদৰ উচ্চ কক্ষত চিনেট চেয়াৰমেনৰ নিৰ্বাচনক লৈ যোৱা শুকুৰবাৰে পুৱাৰে পৰাই সংসদৰ অধিৱেশন উত্তপ্ত হৈ পৰিছিল।

ভোটৰ প্ৰক্ৰিয়া অতি গোপনে চলিছিল। গোপন বেলটৰ জৰিয়তে সাংসদসকলে ভোটদান কৰিছিল।

ইয়াৰ মাজতে হঠাৎ ভোটদান চলি থকাৰ সময়তে উদ্ধাৰ হয় চীনৰ কেমেৰা। চীনা স্পাই কেমেৰাৰে গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো কোনোবাই ৰেকৰ্ড কৰাৰ অভিযোগ উঠে। ফলত পুনৰ হুলস্থুল আৰম্ভ হয় আৰু ভোটগ্ৰহণ প্ৰক্ৰিয়া স্তব্ধ হৈ পৰে।

চিনেটৰ চেয়াৰমেন আৰু ডেপুটি চেয়াৰমেন পদৰ বাবে গোপন বেলটত ভোটগ্ৰহণ চলিছিল। কিন্তু তাত কোনে কেমেৰা সংযোগ কৰি ৰেকৰ্ডিং কৰিছিল সেয়া বৰ্তমানেও পোহৰলৈ অহা নাই

অন্যফালে পাকিস্তানৰ সংসদৰ ভিতৰত চীনৰ স্পাই কেমেৰা উদ্ধাৰ হোৱা ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে বিষয়টোৱে আন্তৰ্জাতিক পৰ্যায়ত ব্যাপক চৰ্চা লাভ কৰিছে।

media school
Leave A Reply

Your email address will not be published.