নেপাললৈ গ’লে ভিডিঅ কৰিব নোৱাৰিব

0 290

সমগ্ৰ বিশ্বতে বিখ্যাত নেপাল ।নেপাল পৰ্যটনস্থলী হোৱাৰ লগতে পৰ্বতাৰোহী সকলৰ মাজত বিশেষ এটা স্থান লাভ কৰি আছে পূৰ্বৰে পৰা কিন্তু বৰ্তমান নেপাল চৰকাৰে এম টি এভাৰেষ্ট আৰোহণত কিছুমান নিষেধাজ্ঞা আৰোপ কৰিছে ।


এতিয়াৰে পৰা অভিযানকাৰী দলৰ বাহিৰৰ লোকে কোনো প্ৰকাৰে ফটো আৰু ভিডিঅ ল’ব নোৱাৰিব ।
নেপাল হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ পূৰ্বতাৰোহণ হটস্পট হিমালয়ৰ লগতে এভাৰেষ্ট ,কাঞ্চনজংঘা,লহোৎছে আৰু মাকালুকে ধৰি বিশ্বৰ আঠটা সৰ্বোচ্চ পৰ্বত সংলগ্ন হৈ আছে নেপালৰ ভূমিৰ সৈতে ।

এক বিজ্ঞপ্তিযোগে পৰ্যটন বিভাগে জনায় যে অন্য অভিযানকাৰী দলৰ লোকসকলৰ ফটো আৰু ভিডিঅ কৰিব নোৱাৰিব যদিহে তেওঁ নিজৰ দলৰ লোক নহয়।

চৰকাৰী নিৰ্দেশনাৰ মতে কিছুলোকে কৰা ভাইৰেল ফটোৰ ওপৰত কৰ্তৃপক্ষক দোষাৰোপ কৰাৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্তৃপক্ষই ।

২০১৯চনত ৰেকৰ্ড গঢ় দিয়া আৰোহী নিৰ্মল পুৰজাই এভাৰেষ্ট বেছ কেম্পত এক দীঘলীয়া শাৰীৰ ফটো চছিয়েল প্লেটফৰ্মত আপলোড কৰাৰ পাছতে নেপালৰ নিম্নমানদণ্ডৰ ব্যৱস্থা উদঙাই দিছিল বুলি একাংশই মন্তব্য পোষণ কৰিছে ।

media school
Leave A Reply

Your email address will not be published.