দুই হাজাৰ টকীয়া নোটবোৰ অন্তৰ্ধান হ’ল নেকি ? কেন্দ্ৰই কি ক’লে জানোঁ আহক ।
বিগত কালছোৱাত টকাৰ বহুলভাবে প্ৰচাৰ আৰু ব্যৱহাৰ আছিল যদিও বৰ্তমান সময়ত নতুন টকা ছপা কৰা হোৱা নাই ।অৰ্থাৎ যোৱা দুবছৰ ধৰি বজাৰত দুই হাজাৰ টকীয়া নোট ছপা কৰা নাই কেন্দ্ৰীয় চৰকাৰে ।
লোকসভাৰ সদনত এই কথা বিত্ত বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী অনুৰাগ ঠাকুৰে জানিবলৈ দিয়ে ।বিত্তমন্ত্ৰীগৰাকীয়ে এক তথ্য অনুসাৰে এক লিখিত বিবৃত্তিৰ জৰিয়তে জানিবলৈ দিয়ে যে বৰ্তমান দেশত ২৪৯৯০লাখ দুই হাজাৰ টকীয়া নোট প্ৰচলন হৈ আছে ।
নিৰ্বাচনৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত তিনিবছৰ পূৰ্বে প্ৰায় ৩৩৬২০লাখ দুই হাজাৰ টকীয়া নোট প্ৰচলন হৈছিল যদি ইয়াৰ মাত্ৰ ২.০১ শতাংশ নোট হে বজাৰত বৰ্তমানে চলি আছে ।বিগত তিনি বছৰত দুই হাজাৰ টকীয়া নোটৰ সংখ্যা হ্ৰাস পাইছে ।বিবৃতিত লগতে কয় যে টকা ছপাৰ ক্ষেত্ৰত চৰকাৰে সিদ্ধান্ত লয় লগতে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই দিহা পৰামৰ্শ প্ৰদান কৰে ।
২০১৯ আৰু ২০২০ বৰ্ষত কোনো নতুন নোট ছপা কৰা হোৱা নাই ।২০১৬-১৭ চনত বহুলভাবে নতুন নোট ছপা কৰা হৈছিল যদিও সময় সাপেক্ষে নতুন নোটৰ যথেষ্ট পৰিমানে হ্ৰাস পাইছে ।
বহুজাতিক কোম্পানী সমূহৰ লগতে পুঁজিপতি ব্যক্তিসকলে যাতে ডাঙৰ নোট লুকুৱাই ৰাখিব নোৱাৰে তাৰ বাবে বিশেষ ধৰণৰ পদক্ষেপ লোৱাৰ সিদ্ধান্ত কৰিছে বুলি প্ৰকাশ কৰে ।২০০০টকীয়া নোটৰ ব্যৱহাৰ বজাৰত পূৰ্বৰ তুলনাত যথেষ্ট পৰিমানে হ্ৰাস পাইছে বুলি কেন্দ্ৰই এই জনায় ।
বিমুদ্ৰাকৰণে ক’লা ধন উভয়তাই অনাৰ ক্ষেত্ৰত দুহেজাৰ টকীয়া নোটৰ প্ৰচলন কৰিছিল লগতে পুৰণি ১০০০আৰু ৫০০টকীয়া নোটৰ উৎপাদন আৰু প্ৰচলন বন্ধ কৰিছিল যদিও বিশেষভাবে কাৰ্যক্ষম নহল বুলি একাংশ জনতাই প্ৰশ্ন কৰে ।ভৱিষ্যতে কি পদক্ষেপ ল’ব সেইটো যথেষ্ট পৰিমাণে লক্ষণীয় হ’ব ।