অৰুণাচল প্ৰদেশত ইউৰেনিয়ামৰ বৃহৎ খনি উদ্ধাৰ ।

0 430

অৰুণাচল প্ৰদেশৰ পাহাৰবোৰ সমগ্ৰ ভাৰতৰ বাবে এক বৰদান হৈ উঠিছে ।কিয়নো ইউৰেনিয়ামৰ এক বৃহৎ খনি উদ্ধাৰ কৰা হৈছে । চীন সীমান্তৰ পৰা প্ৰায় ৩কিলোমিটাৰ দূৰত্বত অৱস্থিত এই খনি ।

বৰ্তমান খনিৰ সংৰক্ষণ কৰি খনন কাৰ্য আৰম্ভ হৈছে ।বিষয়াসকলে কোৱামতে দেশত এইটো প্ৰথমবাৰৰ বাবে ইউৰেনিয়াম সংৰক্ষিত অন্বেষণৰ বাবে এটা সংৰক্ষণ কৰা হৈছে ।

পাৰমাণৱিক খনিজ ,অন্বেষণ আৰু গৱেষণা সঞ্চালকালয়ৰ সঞ্চালক ড° ডিকে সিনহাই কয় ,”আমি কেন্দ্ৰৰ পৰা উৎসাহ আৰু গৱেষণা লাভ কৰিছোঁ। পাহাৰৰ বাবে হেলিবৰ্ণৰ পৰা সন্ধান কৰাৰ কোনো সম্ভাৱনা নাছিল তথাপিও আমি সন্ধান কৰিবলৈ পাহাৰৰ ওপৰত উঠিছিলো ।তেওঁ কৈছিল যে তেওঁ মেচুকা উপত্যকাৰ ভাৰতীয় সীমান্তৰ আটাইতকৈ দূৰৰ গাঁওলৈ গৈছিলোঁ “।


সমভূমিৰ পৰা প্ৰায় ৬১৯মিটাৰ দূৰত অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ আলোত উদ্ধাৰ হৈছে । পাৰমাণৱিক শক্তিৰবাবে ইউৰেনিয়ামৰ ব্যৱহাৰ যথেষ্ট উপযোগী শক্তি বুলি জনায় ড° ডিকে সিনহাই ।

পাৰমাণৱিক ইন্ধন কমপ্লেক্সৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী দীনেশ শ্ৰীবাস্তৱে কৈছে যে অৰুণাচল প্ৰদেশত এই আবিষ্কাৰ এক ভাল বাৰ্তা কঢ়িয়াই আনিছে । দ্বিতীয়তে ,ৰাজনৈতিক পৰিস্থিতিয়ে এনে কাৰ্যকলাপ কৰাৰ বাবে পৰিস্থিতিটোক অধিক সহজ কৰি তুলিছে ।


হিমাচল প্ৰদেশত ইউৰেনিয়ামৰ সন্ধান কৰি থকা হৈছে ,আনহাতে মণিপুৰেও অনুসন্ধানৰ বাবে অনুমতি দিছে ।
অসম, নাগালেণ্ড ,গুজৰাট ,মহাৰাষ্ট্ৰ ,বিহাৰ পশ্চিম বংগ আৰু ঝাৰখণ্ড আদি ৰাজ্যটো সন্ধান কৰি থকাৰ বাবে কাম চলি আছে ।

media school
Leave A Reply

Your email address will not be published.