“বিজেপিয়ে অসমত পুনৰ চৰকাৰ গঠন কৰিব”

0 330

অৰুণাচল প্ৰদেশৰ সীমান্ত ৰাজ্য অসমত বিধানসভা নিৰ্বাচনৰ বিষয়ে মুখ্যমন্ত্ৰী প্ৰেমা খান্দুয়ে জনায় যে –
“বিজেপিয়ে অসমত পুনৰ চৰকাৰ গঠন কৰিব”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰমোদীৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলত বিজেপিৰ স্থিতি শক্তিশালী আৰু যোৱা পাঁচ বছৰত অসম দ্ৰুত গতিত বিকশিত হৈছে ।

মঙ্গলবাৰে সন্ধিয়া ব্যক্তিগত ভ্ৰমণৰ বাবে অসমত উপস্থিত হয় ।
সাংবাদিকৰ সৈতে মত বিনিময় কৰাত প্ৰকাশ কৰে যে –

অসমত দ্ৰুত উন্নয়নমূলক কামে অসমীয়াসকলক বিজেপি চৰকাৰ পুনৰ গঠন কৰাত সহায় কৰিব ।লগতে তেওঁ জনায় যে ১৬মাৰ্চত কেন্দ্ৰই অৰুণাচল প্ৰদেশ আৰু ছিক্কিম বিদ্যুৎ সংক্ৰমণ স্থাপনৰ বাবে প্ৰায় ৯হাজাৰ কোটি টকা অনুমোদন কৰিছে।


ছিক্কিম আৰু অৰুণাচল প্ৰদেশত জল বিদ্যুৎ প্ৰকল্পৰ অধীনত যথেষ্ট উন্নয়নমূলক কাম কৰিছে । ৯ হাজাৰ কোটি টকাৰ ভিতৰত ৬ হাজাৰ কোটি অৰুণাচল প্ৰদেশৰ বাবে আৰু তিনি হাজাৰ কোটি ছিক্কিমৰ বাবে অনুমোদিত হৈছে।

media school
Leave A Reply

Your email address will not be published.