উৰন্ত বিমানত কাপোৰ খুলিলে এগৰাকী মহিলাই

0 918

উদ্ভণ্ডালিৰ চৰম সীমা অতিক্ৰম কৰি এগৰাকী মহিলাই সংঘটিত কৰিছে এক লজ্জানত ঘটনা ৷

এখন উৰন্ত বিমানৰ ভিতৰত সংঘটিত কৰিছে এই ঘটনা ৷

এটা এটাকৈ এফালৰ পৰা দেহৰ কাপোৰ খুলি গৈছিল ৩৯ বছৰীয়া এগৰাকী মহিলাই ৷

শেষত দেহৰ অন্তৰ্বাস খুলিবলৈ লওঁতেই বিমানৰ কৰ্মচাৰীয়ে মহিলাগৰাকীক ধৰা বহি থকা আসনত বান্ধি থ’ব লগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷

ডেইলী মেইলৰ প্ৰতিবেদন অনুসৰি ৰাছিয়াৰ ভ্‌লদিভষ্টকৰ পৰা বিমানখন উৰা মৰাৰ ১৫ মিনিট মান সময়ৰ পাছতে মহিলাগৰাকীয়ে লক্ষ্যহীনভাৱে বিমানৰ ইফালে সিফালে ঘূৰিবলৈ আৰম্ভ কৰিছিল আৰু কিছুসময়ৰ পাছতে নিজৰ গাৰ কাপোৰবোৰ খুলিবলৈ আৰম্ভ কৰিছিল ৷

বিমানৰ কৰ্মচাৰী তথা আন যাত্ৰীসকলে বাধা প্ৰদান কৰাৰ পাছতো মহিলাগৰাকী নিজৰ কথাতে অটল আছিল ৷

বহু অনুৰোধৰ পাছতো এনে বিশৃংখল কাণ্ডৰ পৰা বিৰত নথকাত মহিলাগৰাকীক তেঁওৰ আসনত বান্ধি থোৱাৰ সিদ্ধান্ত লোৱা হ’ল ৷

চাইবেৰিয়াৰ নভোচিবিস্কৰ টলমাছেভোত অৱতৰণ কৰাৰ পাছতে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ইয়াৰ পাছতেই ৰহস্য ভেদ হয় যে বিমানখন অৱতৰণ কৰাৰ কিছুসময় পূৰ্বে মহিলাগৰাকীয়ে ড্ৰাগছ সেৱন কৰি বিমানত উঠিছিল ৷

media school
Leave A Reply

Your email address will not be published.