বলীউডৰ অভিনেতা আমিৰ খানৰ ক’ভিড পজিটিভ

0 371

বৰ্তমানেও ক্ষান্ত হোৱা নাই ক’ৰণা মহামাৰী ৷ ক’ভিডৰ ত্ৰাসত বৰ্তমান সমগ্ৰ দেশ ৷

অতি ভয়াৱহতাৰে সংক্ৰমণ ঘটিছে ইজনৰ পৰা সিজনলৈ এই মহামাৰীয়ে ৷

শেতহীয়াকৈ ক’ভিড মহামাৰীৰ কবলত পৰিছে বলীউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খান ৷

ক’ভিড পৰীক্ষা কৰোৱাৰ পাছত অভিনেতা আমিৰ খানৰ দেহত ধৰা পৰিছে কৰ’নাৰ অৱস্থিতি।
আনহাতে ৫৬ বছৰীয়া এই অভিনেতাজনৰ সংস্পৰ্শলৈ অহা লোকসকলক পৰীক্ষা কৰিবলৈ অনুৰোধ জনায়।

লগতে বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খান বৰ্তমান তেওঁ নিজ গৃহত কোৱাৰেণ্টাইন হৈ আছে বুলি জানিবলৈ দিয়ে তেঁও ৷

এক বিবৃতি যোগে এই কথা সদৰী কৰে আমিৰ খানৰ মুখপাত্ৰগৰাকীয়ে ৷

তেওঁ কয়, ‘আমিৰ খান কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে৷

তেওঁ এতিয়া নিজকে ঘৰত কোৱাৰেণ্টাইন কৰি ৰাখিছে৷

সকলো প্ৰট’কল অনুসৰণ কৰি থকাৰ লগতে তেওঁ নিজৰ স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন লৈছে৷

শেহতীয়াকৈ তেওঁৰ সংস্পৰ্শলৈ অহা সকলোৱে সাৱধানতামূলক ব্যৱস্থা হিচাপে নিজকে ক’ভিড পৰীক্ষা কৰা উচিত।

আপোনাৰ সকলো ইচ্ছা আৰু উদ্বেগৰ বাবে আপোনাক ধন্যবাদ৷’

বলীউডৰ জনপ্ৰিয় অভিনেতাগৰাকী বৰ্তমান সুস্থ হৈ উঠাতো আশা কৰিছে

media school
Leave A Reply

Your email address will not be published.