প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ ক’ৰোণাত আক্ৰান্ত

0 273

ক্ৰিকেটৰ ভগৱান তথা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ আক্ৰান্ত হৈছে মহামাৰী কৰোণা’ত।বিগত কেইদিনমানৰ পৰা দেশত বৃদ্ধি পাইছে কৰোণা ভাইৰাছৰ প্ৰকোপ।বহুলোক আক্ৰান্ত হোৱাৰ লগতে ক্ৰিকেটৰ ভগৱান স্বৰূপ প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ।

এই সন্দৰ্ভত নিজেই টুইটযোগে অৱগত কৰাই খেলুৱৈগৰাকীয়ে।অৱশ্যে পৰিয়ালৰ আন সদস্য সকল নেতিবাচক বুলিও জনায় প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে।৪৭ বছৰীয়া খেলুৱৈ গৰাকীয়ে কয় যে”মৃদু লক্ষণৰ পিছত মই কৰোণা ইতিবাচক বুলি জানিছো আৰু মই ঘৰতে নিজকে আবদ্ধ কৰি ৰাখিছো। এই মহামাৰী সম্পৰ্কীয় সকলো প্ৰটোকল অনুসৰণ কৰি আছো।

শচীন তেণ্ডুলকাৰে শেহতীয়াকৈ ইণ্ডিয়া লেজেণ্ডছৰ বাবে বিশ্বপথ সুৰক্ষা টি-২০ শৃংখলাৰ খিতাপ জয় কৰিছিল।এই টুৰ্ণামেণ্টত ইণ্ডিয়া লেজেণ্ডছৰ অধিনায়ক আছিল শচীন তেণ্ডুলকাৰ।শৃংখলাটোৰ অন্তিমখন মেচ ২১মাৰ্চত ভাৰত আৰু শ্ৰীলংকাৰ মাজত খেলা হৈছিল।ফাইনেলত শচীনে ৩০ৰাণ সংগ্ৰহ কৰিছিল।তেওঁ খেলখনত তৃতীয় সৰ্বাধিক ৰাণ লাভ কৰিছিল।তিনিটা অৰ্ধশতকৰ সহায়ত ২৩৩ৰাণ সংগ্ৰহ কৰিছিল।

media school
Leave A Reply

Your email address will not be published.