এখন দেশত কুকুৰ আৰু ঘোঁৰাৰ বাবে চৰকাৰী পেঞ্চনৰ ব্যৱস্থা

0 425

এইখন পৃথিৱীত কৰ্ম কৰা সকলোলোকৰ পেঞ্চনৰ অধিকাৰ আছে ,কিন্তু অনেক সময়ত পেঞ্চনৰ কাৰ্যালয়লৈ বাটকুৰি বায় ভাগৰি পৰে অনেক পেঞ্চনাৰ লোক ।তেনে সময়ত এক সুখৰ বতৰা লৈ আহিছে পোলেণ্ডৰ নতুন আইন প্ৰস্তাৱে ।


পোলেণ্ড চৰকাৰৰ নতুনকৈ প্ৰস্তুত কৰা আইন খনত দিয়া হৈছে যে দেশৰ আৰক্ষী ,সীমান্ত আৰক্ষী ,অগ্নি নির্বাপক বাহিনীৰ সৈতে জড়িত থকা ঘোঁৰাৰ লগতে ট্ৰেইন কৰা কুকুৰলৈ প্ৰদান কৰা হ’ব পেঞ্চন । বয়সৰ বৃদ্ধি হল ট্ৰেইনী কুকুৰ সমূহক অব্যাহতী দিয়া হয় কিন্তু এতিয়াৰ পৰা তেওঁলোকে পাব খোৱা বোৱাৰ সু-ব্যৱস্থা জীৱনৰ অন্তিম সময় পৰ্যন্ত ।


কাৰণ দেশৰ হকে সেৱা কৰা জন্তু সমূহে বোমা চিনাক্ত কৰা ,ধ্বংস হোৱা অট্টালিকাত জীৱিতলোকসকলক ট্রেক কৰা ,ড্ৰাগছ আৰু বিস্ফোৰক সৰবৰাহকাৰী সকলক ট্রেক কৰা লগতে কোনো গণ্ডগোল হোৱা ঠাইত মানুহক নিয়ন্ত্ৰণ কৰা । সেইসকল জন্তুৱে খাদ্য আৰু বস্তু অনা নিয়া কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰে ।


কিন্তু যেতিয়া তেওঁলোকৰ অৱসৰৰ সময় আহে ,তেওঁলোকক অৱহেলা কৰা হয় সেইবাবে তেওঁলোকৰ সুৰক্ষা আৰু ভবিষ্যৎ কল্যাণৰ হেতু বান্ধি দিয়া হৈছে এই নতুন নিয়ম ।

পোলেণ্ডৰ আভ্যন্তৰীণ মন্ত্ৰী মাৰিয়াছজ কামাস্কিয়ে এক খচৰা আইনৰ জৰিয়তে “নৈতিক বাধ্যবাধকতা ” বুলি বৰ্ণনা কৰি এই কথা সদৰি কৰে ।
লগতে কয় যে এজন মানুহক উদ্ধাৰ কৰাৰতকৈ বেছি গুৰুত্ব এজন অপৰাধীক কৰায়ত্ত কৰাটো য’ত এই নিমাত জন্তুবোৰে অতি দক্ষতাৰে নিজৰ কৰ্মৰ পৰিচয় দিয়ে ।

media school
Leave A Reply

Your email address will not be published.