বাৰাক অবামাৰ আইতাকৰ ৯৯ বছৰ বয়সত মৃত্যু

0 463

আফ্ৰিকা মহাদেশৰ কেনিয়াত বাস কৰা প্ৰাক্তন মার্কিন ৰাষ্ট্ৰপতি বাৰাক অবমাৰ আইতাক চাৰাহ অৱমাই সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে ।

এই সন্দৰ্ভত তেওঁৰ কন্যা মাৰছাট আনিয়াংগই সংবাদমাধ্যমক অৱগত কৰে ।

ৰাষ্ট্ৰপতি গৰাকীৰ আইতাক “মামা ছাৰাহ” নামে সকলোৰে মাজত পৰিচিত ছাৰাহ অবামাৰ মৃত্যুৰ সময়ত ৯৯বছৰ আছিল।

এসময়ত এগৰাকী সাধাৰণ গাঁৱলীয়া তিৰোতা ছাৰাহ অবামাই স্থানীয় এখন স্কুলত ছাত্র ছাত্ৰীক খাদ্য বিতৰণ কৰিছিল ।

১৯২২ চনত ভিক্টোৰিয়া হৃদৰ কাষৰ এখন গাঁৱত জন্মগ্ৰহণ কৰা ছাৰাহ অবামা আছিল হুছেইন অনিয়াংগ অবামাৰ তৃতীয় পত্নী ।

উল্লেখযোগ্য যে প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অবামই মৰমতে আইতাক বুলি সম্বোধন কৰে যদিও বংশগত সম্পৰ্ক নহয় ।

ছাৰাহ অবামাই দেশখনৰ পৰিয়াল ব্যৱস্থাৰ এগৰাকী “আইকন” হিচাপে আখ্যা দি তেওঁ কয় যে দেশখনে এগৰাকী শক্তিশালী মহীয়সী মহিলাক হেৰুৱালে ।

পৰিয়ালৰ মানুহে কোৱামতে প্ৰায় এসপ্তাহ ধৰি তেওঁ অসুস্থ হৈ থকাত কিছুমু চহৰস্থিত জাৰামগী অংগীগা অদি‌ংগা হস্পিতালত ভৰ্তি কৰোৱা হৈছিল ।মামা ছাৰাহক ঘৰতে বুধবাৰে পৰম্পৰাগত ভাবে কবৰ প্ৰদান কৰিব ।

Leave A Reply

Your email address will not be published.